top of page
অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটত ৰঙালী বিহু

0

অতীত আৰু বৰ্তমানৰ প্ৰেক্ষাপটত ৰঙালী বিহু

মীনা দেৱী

**************

প্ৰকৃতিৰ বুকুত ঋতু পৰিৱৰ্তনৰ লগে লগে মানুহৰ মনলৈও ভাব অনুভূতিৰ পৰিৱৰ্তন নামে। শীতৰ শুকান লঠঙা গছত বসন্তৰ পৰশত কোমল কুঁহিপাতে মধুৰ দিনৰ আগমনৰ সূচনা কৰে।ফুলে ফলে প্ৰকৃতিয়ে বিনন্দীয়া ৰূপ লয়।কপৌ, কেতেকী ফুলৰ সুগন্ধি বতাহত ভাহি আহে।কুলি-কেতেকীৰ বিননিয়ে এক ৰমণীয় পৰিৱেশৰ সৃষ্টি কৰে। তেনে এক পৰিৱেশতেই চ'ত মাহৰ সংক্ৰান্তিৰ বা দোমাহীৰ দিনা গৰু বিহুৰে ৰঙালী বিহু উৎসৱৰ আৰম্ভণি হয়।তিনিওটি বিহুৱেই কৃষি কৰ্মৰ লগত জড়িত। ৰঙালী বা ব'হাগ বিহু খেতিৰ আৰম্ভণিতে কৰা হয়।

বিহুৰ আৰম্ভণিৰ কোনো নিৰ্ভৰযোগ্য ইতিহাস পাবলৈ নাই। হয়তো সেইবাবেই বিহু হ'ল অসমীয়াৰ হিয়াৰ কোঁহে কোঁহে সোমাই থকা এটি সত্বাৰ নাম। তাহানিৰ মুকলি পথাৰ আৰু গছৰ তলৰ বিহুৱে বৰ্তমান সময়ত ইন্টাৰনেতো প্ৰৱেশ কৰিলে।দহ হাজাৰ বিহু নাচনীক একেলগে নচুৱাই বিশ্বৰেকৰ্ড গঢ়িলে। তদূপৰি প্ৰৱাসী অসমীয়া সকলৰ জৰিয়তে বিহুৱে আজি সাত সাগৰ তেৰ নদীৰ সিপাৰৰ বিদেশৰ মঞ্চ কঁপাবলৈ সক্ষম হৈছে।

বিভিন্ন জাতি বৰ্ণ গোষ্ঠীৰ বাসভূমি অসমত সকলোৱে সমানে আদৰি ল'ব পৰা উৎসৱেই হৈছে বিহু। বিহু অসমীয়া জাতিৰ প্ৰাণ, বিহু অসমীয়া জাতিৰ সাহস আৰু সমন্বয়ৰ প্ৰতীক।

চ'তৰ সংক্ৰান্তিৰ দিনাৰ পৰা আৰম্ভ হোৱা ৰঙালী বিহুক ক্ৰমে--গৰু বিহু, মানুহ বিহু, গোঁসাই বিহু, চেনেহী বা তাঁতৰ বিহু,কুটুম বা জীয়ৰী বিহু, মেলা বা হাট বিহু (কোনো কোনোৱে জেং বিহু বুলি কয়),চেৰা বিহু। এনেদৰে সাত বিহুৰ নামাকৰণ কৰা হৈছে।পথাৰৰ ৰঙালী বিহু যেতিয়া মঞ্চলৈ আহিল তেতিয়াৰ পৰাই গোটেই ব'হাগৰ মাহটোৱেই বিভিন্ন ঠাইত সাংস্কৃতিক অনুষ্ঠান আৰু বিহু গীত নৃত্যৰ প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হ'বলৈ ধৰিলে। বিহুৰ মূল ৰূপৰ পৰা আঁতৰি আহিলেও জনগোষ্ঠীয় সমন্বয় স্হাপনত এতিয়াও ই পূৰ্বৰ দৰেই ভূমিকা পালন কৰি আহিছে। বিহু মঞ্চত অসমৰ বিভিন্ন জনগোষ্ঠীৰ বাৰেবৰণীয়া সংস্কৃতিৰ প্ৰদৰ্শন কৰাৰ জৰিয়তে বিহু উৎসৱে সম্প্ৰীতিৰ বাৰ্তা বহন কৰিছে। ৰঙালী বিহুৱে সমন্বয়ৰ উৎসৱৰ পৰিচয় দাঙি ধৰি অসমত বসবাস কৰা বিভিন্ন জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়াৰ হৃদয়ে হৃদয়ে প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এক মহামিলনৰ সুঁতি বোৱাই আনিছে।

অসমৰ ইতিহাসৰ এক উজ্জ্বল সময় হিচাপে পৰিগণিত হোৱা আহোম সকলৰ ৰাজত্ব কালতেই বিহুৱে এক সুন্দৰ সামাজিক আৰু ৰজাঘৰীয়া স্বীকৃতি লাভ কৰে।একালৰ ৰূপে,ৰঙে, ৰসে ভৰপূৰ ৰংপুৰ নগৰীৰ ৰংঘৰেই হ'ল অসমৰ বাৰেৰহনীয়া সাংস্কৃতিক বুৰঞ্জীৰ এটি উল্লেখযোগ্য কীৰ্তিস্তম্ভ। ৰঙালী বিহুত ৰংঘৰৰ বাকৰিত আমোদ প্ৰমোদৰ বাবে প্ৰদৰ্শিত হোৱা খেল-ধেমালি, নৃত্য-গীত সমূহ ৰজাঘৰীয়া,ডা-ডাঙৰীয়া আৰু প্ৰজাসকলে একেলগে উপভোগ কৰিবলৈ পোৱাটোৱেই

হয়তো বৃহত্তৰ অসমীয়া সমাজ এখন গঢ়াত বহুপৰিমাণে সহায় কৰিছিল।

স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ দিনতেই ৰাজকাৰেঙলৈ ৰাইজক হুঁচৰি গাবলৈ নিমন্ত্ৰণ কৰি হুঁচৰি দলৰ আগত আঁঠু লৈ আশীৰ্বাদ লোৱাৰ পৰম্পৰা প্ৰতিষ্ঠা হৈছিল। লাহে লাহে ডা-ডাঙৰীয়া,বিষয়া তথা সকলোৰে ঘৰৰ চোতালত ৰাইজৰ হুঁচৰিৰ দলৰ পৰা গৃহস্থই আশীৰ্বাদ লোৱাৰ পৰম্পৰা ঠন ধৰি উঠিল।

ব্ৰিটিছৰ শাসনকালত"বিহু ইতৰ প্ৰাণীৰ নাচ-গান"বুলি এচাম লোকে বিহুক নিষিদ্ধ কৰিবলৈ বহুত চেষ্টা চলাইছিল যদিও লক্ষ্মীনাথ বেজবৰুৱা, ৰজনীকান্ত বৰদলৈ আদি দেশহিতৈষী অসমীয়াৰ উদ্যোগত বিহু এলাগী হোৱাৰ পৰা ৰক্ষা পৰিল।

১৯৪১ চনত ড০মহেশ্বৰ নেওগৰ দৰে কেইজনমান অসমী আইৰ সু-সন্তানে শিৱসাগৰত বিহুক মঞ্চলৈ আদৰি আনে। ইয়াৰ পৰাই গছৰ তলৰ বিহুৱে ৰংঘৰৰ বাকৰি,ৰাজ-হাউলি তাৰ পাছত প্ৰজাৰ চোতাল গৰকা বিহুটি মঞ্চমুখী হোৱাৰ বাট সূচনা হ'ল।

অসমৰ সিংহ পুৰুষ ৰাধা গোৱিন্দ বৰুৱাই ১৯৫১ চনত গুৱাহাটীৰ লতাশিল খেলপথাৰত মঞ্চবিহুৰ শুভাৰম্ভ কৰে। ৰঙালী বিহু মঞ্চত বিহুৰ উপৰিও নানা সাংস্কৃতিক উপাদানে বিহুক সমৃদ্ধ কৰিলে। ঝুমুৰ, ৰাভা নৃত্য,বাগুৰুম্বা,খেৰাই, দেওধনী, আধুনিক নৃত্য আদি নানা নৃত্য-গীত মঞ্চলৈ আহিল।

বিহু পতাকা উত্তোলন কৰি গোৱা সমবেত সঙ্গীতৰ ৰচক পুৰুষোত্তম দাসে"শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উছৱৰ মধু আলোড়ন"গীতেৰে বিহুক এক স্বকীয়তা প্ৰদান কৰি গৈছে।

নানা জাতি, জনজাতি,ভাষা, ধৰ্মৰ সংমিশ্ৰণেৰে গঠিত বৃহত্তৰ অসমীয়া সমাজক একতাৰ ডোলেৰে তাহানিৰ পৰা বৰ্তমান পৰ্যন্ত বান্ধি ৰখাৰ ক্ষেত্ৰত বিহুৰ অৱদান অপৰিসীম।

বৰ্তমান বিহু অকল অসমতেই সীমাবদ্ধ হৈ থকা নাই।জীৱিকা বা কৰ্মৰ জৰিয়তে দেশে বিদেশে থকা অসমীয়া সকলেও নিজৰ জাতিৰ সংস্কৃতি ঐতিহ্য ৰক্ষাৰ হেতু প্ৰচেষ্টা অব্যাহত ৰাখিছে। এয়া তেওঁলোকৰ স্বদেশ স্বজাতিৰ প্ৰতি থকা নিস্বাৰ্থ প্ৰেম আৰু আনুগত্যৰ বহিঃপ্ৰকাশ। বহুজাতিক কোম্পানী, পুঁজিবাদী ব্যৱসায়িক গোষ্ঠী জড়িত হৈ বিহুক যাতে বিজতৰীয়া কৰিব নোৱাৰে তাৰবাবে প্ৰত্যেকজন অসমীয়া সচেতন হৈ থাকিব লাগিব।

About the Author

মীনা দেৱী

জন্ম--তেজপুৰত,১৯৬২ চন
তেজপুৰতেই শিক্ষা গ্ৰহণ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ।১৯৯২ চনত গুৱাহাটীত শিক্ষকতা আৰু ২০২২চনত অৱসৰ গ্ৰহণ কৰে।

bottom of page