top of page
দে’জা ভু 
(এক ৰহস্যময় অনুভূতি)

0

দে’জা ভু
(এক ৰহস্যময় অনুভূতি)

গাৰ্গী ভট্টাচাৰ্য বৰুৱা

ফৰাছী ভাষাৰ পৰা অহা এই “দে’জা-ভু” শব্দৰ আক্ষৰিক অৰ্থ হৈছে “আগতে দেখা”। এই শব্দক যি এক অনুভূতি বুজাবলৈ ব্যৱহাৰ কৰা হয়, সেয়া হয়তো বহুতেই বুজি পাব, পিছে ইয়াক ভাষাত বৰ্ণনা কৰা টান। এই শব্দই এনে এক ক্ষণিক অনুভৱক বুজায়, যেতিয়া এজন ব্যক্তিয়ে সেই মূহুৰ্তত তেওঁ দেখি থকা দৃশ্যটো আগতেও দেখা বুলি, তেওঁ সেই মূহুৰ্তত উপস্থিত থকা ঠাই খিনিলৈ আগতেও অহা বুলি অথবা সেই মূহুৰ্তৰ ঘটনাৰাজি আগতেও ঘটা বুলি অনুভৱ কৰে। লগতে তেওঁ এয়াও অনুভৱ কৰে যেন সেই মূহুৰ্তৰ থিক পাছতে কি ঘটিব সেয়া তেওঁ যেন আগতেই জানে! কিন্তু বাস্তৱত সেই সময়ৰ অভিজ্ঞতা আগতে হোৱা হয়তো সম্ভৱেই নহয়। তাৰ অৰ্থ ই মগজুৱে উৎপন্ন কৰা এক ভূৱা সংকেট। এই অনুভৱক প্ৰকাশ কৰা শব্দ আন ভাষাত পোৱা টান আৰু ইয়াক এই ফৰাছী ৰূপতেই (déjà vu) ব্যৱহাৰ কৰা দেখা যায়।

বেছিভাগ মানুহেই জীৱনত এবাৰ হ’লেও “দে’জা-ভু” অনুভৱ কৰে বুলি কোৱা যায়। ই সাধাৰণ স্মৃতি অথবা সোঁৱৰণীতকৈ সম্পূৰ্ণ পৃথক। ই হৈছে তাৎক্ষণিক ভাৱে আৰু স্বয়ংক্ৰিয় ভাবে হোৱা এক অনুভৱ। অৰ্থাৎ এনে নহয় যে এজন ব্যক্তিয়ে কোনো কথা “আগতে হৈছে নেকি” বুলি মনত পেলাবলৈ চেষ্টা কৰিলেই “দে’জা ভু” অনুভৱ কৰিব। বৰং “দে’জা ভু” মানুহে একো নভবাকৈ অতৰ্কিতেহে অনুভৱ কৰে।

“দে’জা ভু” আৰু ভ্ৰম (illusion) একেই নেকি? নহয়। কাৰণ “দে’জা ভু” হ’লে মানুহে অনুভৱটো সঁচা বুলি ধৰি নলয়। তেওঁ বুজি পায় যে “আগতে হোৱা” যেন লগা কথাটো আচলতে আগতে নহ’বও পাৰে। “নহ’বও পাৰে” বুলি এইকাৰণে লিখিছো, এঠাইত পঢ়া মতে “দে’জা ভু” ৰ এক ব্যাখ্যা এয়াও হ’ব পাৰে যে হয়তো অৱচেতন মনক ৰৈ যোৱা কোনো দৃশ্যৰ স্মৃতি কোনো বাহ্যিক কাৰকে জগাই তুলিলে, কিন্তু সচেতন মনে সেই স্মৃতিক ঢুকি নাপালে মানুহে “দে’জা ভু” অনুভৱ কৰিব পাৰে।

একেদৰে, “দে’জা ভু” আৰু “নষ্টালজিয়া” এই দুয়ো অনুভৱো সম্পূৰ্ণ পৃথক। বিদেশী শব্দ হ’লেও নষ্টালজিয়া শব্দৰ ব্যৱহাৰ অসমীয়া পদ্য আৰু গদ্যত ব্যাপক। নষ্টালজিয়া শব্দই অতীতৰ স্মৃতি বিজড়িত কোনো স্থান, লোক অথবা অভিজ্ঞতাৰ সন্মূখীন হ’লে মানুহে আনন্দ আৰু বেদনাৰ সংমিশ্ৰণত কৰা এক অনুভৱ। ইয়াত অতীতৰ প্ৰতি আবেগ মিহলি হৈ থাকে। “দে’জা ভু”ৰ লগত আবেগৰ সম্পৰ্ক নাথাকে। লগতে নষ্টালজিয়াৰ অনুভৱ মানুহৰ হৃদয়ত দীঘলীয়া সমংয়ৰ বাবে থাকিব পাৰে, “দে’জা ভু”ৰ অনুভৱ ক্ষন্তেকীয়া।

তেন্তে কি হয় এই “দে’জা ভু”? কিয় আৰু কেনেকৈ মানুহে এই অনুভৱ কৰে? মই যিহেতু কোনো মনস্তত্ববিদ অথবা স্নায়ু বিশেষজ্ঞ নহয়, ইন্টাৰনেটৰ পৰা চাই ইয়াৰ বিশদ বিৱৰণ দিয়াৰ পৰা বিৰত থাকিলো। আগতে কৈ অহাৰ দৰে ই হয়তো কোনো বাহ্যিক কাৰক (যেনে কোনো দৃশ্য বা স্থান)ৰ বাবে মগজুত সৃষ্টি হোৱা এক “মিছা সংকেত” (false alarm)। তথ্য অনুসৰি কম বয়সীয়া মানুহে “দে’জা ভু” বেছি অনভৱ কৰে।

ৰসাল কথা হ’ল, “দে’জা ভু”ৰ আটাইতকৈ সাধাৰণ (common) অবৈজ্ঞানিক ব্যাখ্যা হৈছে পূৰ্বজন্ম! বহুতে ভাবে যে পূৰ্বজন্মত হোৱা কোনো ঘটনা বা দৃশ্যৰ এই জনমত পুনৰাই সন্মুখীন হ’লে মানুহে “দে’জা ভু” অনুভৱ ক’ৰে। আচলতে অন্য ব্যাখ্যা বিচাৰি নাপাই মানুহে ভাবি লয় যে মগজুত সুপ্ত হৈ থকা পূৰ্বজন্মৰ স্মৃতি ক্ষন্তেকৰ বাবে সক্ৰিয় হৈ উঠাই হৈছে “দে’জা ভু”!

ইয়াৰ আন এক মনোৰঞ্জক ব্যাখ্যা “সমান্তৰাল ব্ৰহ্মাণ্ড”ৰ ধাৰণাৰ জৰিয়তে কৰিবলৈও এচীমে চেষ্টা কৰে। সমান্তৰাল ব্ৰহ্মাণ্ডৰ ধাৰণা মতে আমি একে সময়তে কেইবাখনো ব্ৰহ্মাণ্ডত অৱস্থান কৰি আছো আৰু ইয়াত ঘটি থকা ঘটনাবোৰ বেলেগ বেলেগ ব্ৰহ্মাণ্ডত বেলেগ বেলেগ বিকল্পীয় ৰূপত ঘটি আছে। এই ধাৰণাৰ আলমত “দে’জা ভু”ৰ ব্যাখ্যা এই দৰে দিয়া যায় কোনোবো এখন ব্ৰহ্মাণ্ডত হৈ যোৱা এটি ক্ষণ বৰ্তমানৰ এই ব্ৰহ্মাণ্ডত কোনো মূহুৰ্তত “দে’জা ভু”হিচাপে মানুহে অনুভৱ কৰিব পাৰে। কিন্তু ইও এক কল্পনাহে মাত্ৰ। সমান্তৰাল ব্ৰহ্মাণ্ডৰ ধাৰণা বিজ্ঞানসন্মত ঙাৱে প্ৰমান হোৱা নাই।

গতিকে বিজ্ঞানমনস্কতাক সন্মান কৰা আমাৰ দৰে সাধাৰণ লোকৰ বাবে ই কিছু মাথো এক স্নায়ুজনিত পৰিঘটনা। ইয়াৰ প্ৰকৃত কাৰণ, বিশদ ব্যাখ্যা, মানসিক স্বাস্থ্যৰ লগত ইয়াৰ সম্পৰ্ক ইত্যাদিৰ সম্পৰ্কে ভৱিষ্যতে হয়তো ন ন তথ্য সাধাৰণ মানুগে বুজিব পৰাকৈ উপলব্ধ হ’ব।

About the Author

গাৰ্গী ভট্টাচাৰ্য বৰুৱা

মূখ্য অভিযন্তা
তেল আৰু প্ৰাকৃতিক গেছ কোম্পানী
নতুন দিল্লী ১১০০৭০

bottom of page