top of page
ফটো

0

ফটো

Spondon Borah

আজি আকৌ নতুন ফটো এখন দিলে,

কেমেৰালৈ চোৱা নাছিলে,

হয়টো কেনডিড ফটো তোলাৰ ইচ্ছা আছিল।

কিন্তু তেওঁক কেনেকৈ বুজাও,

ফটোখন যেনেকৈ নোতোলক ,

সেই হাঁহিটি দেখিলেই,

অন্তৰখন ওপচি পৰে,

সেই চকুযুৰিয়ে মনটো আকৌ ভৰাই তোলে।

পাহৰিযোৱা সেই সপোনবোৰ

আকৌ যেন ৰচিবৰ মন যায়।

কিন্তু ভয় লাগে, ৰচিলে সেই সপোনবোৰ

যদি আকৌ ভাগি যায়,

অন্তৰখনে সেই কষ্ট

আকৌ সহ্য কৰিব পাৰিবনে?

হাঁহি হাঁহি অন্তৰখনে কয়,

আকৌ এবাৰ আগুৱাই যোৱা

একো নহ'লেও আৰু এটা অভিজ্ঞতা হ'ব।

মনটোয়ে মানি নলয়, কিন্তু কৈ যায়,

সেই সপোনবোৰত যেন

নিজকে আকৌ এবাৰ হেৰুৱাবৰ মন যায়।

About the Author

Spondon Borah

Born and brought up in Tinsukia. Foodie, music and art lover, avid gamer, wannabe writer and love driving.

bottom of page