top of page
বেদুইন বৰষুণ

0

বেদুইন বৰষুণ

সত্যম লাহন

===============

খবৰ নিদিয়াকৈয়ে আহিল,

আৰু মাত নিদিয়াকৈয়ে আঁতৰি গ'ল

অঘৰী বৰষুণজাক ।


পুনৰবাৰ নোৱাই থৈ গ'ল - ৰুক্ষ মহানগৰীৰ

ধূলিয়ৰি দেহৰ ভূগোল ...


ডিচেম্বৰৰ এটি আবেলিত, পুনৰবাৰ

প্ৰেমত পৰিছিল মহানগৰখন ... বৰষুণৰ

পুনৰবাৰ আঙুলিত ধৰিছিল.... বৰষুণৰ


বেদুইন বৰষুণ, তোৰ কি অভিমান ?

বেদুইন বৰষুণ, বাট এৰি নেযাবি !

বেদুইন বৰষুণ, মোৰ যে মৰুতৃষ্ণা...


ডিচেম্বৰৰ আবেলিটোত , খৰধৰকৈ

আঁতৰি গৈছিল অঘৰী বৰষুণজাক...


মই তুলি ধৰোঁ দুহাতেৰে, মহানগৰীৰ

গোমোঠা সন্ধ্যাৰ উদাস...


About the Author

সত্যম লাহন

Chennai , originally from Jhanji , Sivasagar

bottom of page