0
জীৱনৰ বাটে ঘাটে
ড: মৌচুমী বৰা
১
কিছুবছৰৰ আগতে চেন্নাইত শিকিবলৈ আৰম্ভ কৰা টাই চি মুম্বাই লৈ অহাৰ পিছতো অভ্যাস কৰি আছো (টাই চি, Tai Chi, চীন দেশত সৃষ্ট এক প্ৰকাৰৰ সমৰ শৈলী (Martial Arts) । ) আমি থকা ঠাইখনৰপৰা টাই চী কেন্দ্ৰটিৰ দূৰত্ব লোকেল ট্ৰেইনেৰে প্ৰায় ৩০মিনিটমানৰ। প্ৰত্যেক বুধবাৰে পুৱা ৫.৩০ মানত চাৰ্চগেট ষ্টেশ্যনত ট্ৰেইনৰ দ্বিতীয় চালকৰ কাষৰ শূণ্যপ্ৰায় ডবাটোত পদাৰ্পন কৰো—মুম্বাইৰ লোকেল ট্ৰেইনসমূহ কেৱল যাতায়তৰ বাহনেই নহয়, লাখ লাখ যাত্ৰীৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ আৰু অবিচ্ছেদ্য অঙ্গ বুলি কলেও বঢ়াই কোৱা নহয়।
মহিলা যাত্ৰীৰ ডবাকেইটা যেন অন্য এখন ৰঙীন চলন্ত পৃথিৱী–লৰালৰিকৈ ঘৰৰ কাম সামৰি পুৱাতে অফিচলৈ বুলি ঢাপলি মেলা মহিলাই ট্ৰেইনৰ নিৰ্ধাৰিত আসনত বহি লৈহে যেন স্বশ্তিৰ নিশ্বাস এৰে।কোনোবাই পুৱাৰ জলপান উলিয়াই, কোনোবাই পৰম যত্নেৰে মেক্আপ আৰম্ভ কৰে।ট্ৰেইন-ফ্ৰেন্ড বোলা এটা বিশেষ আখ্যাই সৃষ্টি হৈ গৈছে – এক বা দুই ঘণ্টাৰ দৈনিক যাত্ৰাতে এই বন্ধুসকলে পৰস্পৰৰ সৈতে বহুখিনি সুখ দুখ ভগাই লয়—জন্মদিন, বিবাহ বাৰ্ষিকী, পদোন্নতি পালন কৰাৰ ওপৰিও সন্ধ্যা পৰত ঘূৰি আহোঁতে বাটতে কিনি অনা শাক-পাচলি বাছি থকাৰ দৰে দৃশ্যবোৰ কিছু আমোদজনক।
আজি পিছে বেলেগ এবিধ যাত্ৰীৰ কথাহে বৰ্ণনা কৰিব খুজিছোঁ। টাই চী পাঠগ্ৰহণ কৰিব যাওতে ট্ৰেইনত চাৰ্চগেটৰপৰা দাদৰ পোৱালৈকে প্ৰায়ে কাকো নেপাও । তাৰ পাছতো কেতিয়াবা কাচিৎহে দুই এগৰাকী উঠে। অৱশ্যে গন্তব্যস্থল বান্দ্ৰা পাওঁ মানে যাত্ৰীৰে ডবা ভৰি যায়। এনে যাত্ৰীসকলৰ ভিতৰত উল্লেখযোগ্য মহালক্ষ্মী ষ্টেচনৰ কেইগৰাকী মান, ৰ’দ হওঁক বা বৰষুণেই হওক অসীম ধৈৰ্যৰে এই নিৰ্ধাৰিত ট্ৰেইনখনলৈ তেওঁলোকে বাট চাই থাকে।
অকনমান সময়ৰ ইফাল সিফাল হ’লেই তেওঁ লোকক দেখা নেপাও। সময়, স্টেচন সকলো নিৰ্ধাৰিত, যেন তাহানিৰ দিনতে কোনোবা এটা মিউজিয়ামত দেখা ঘড়ীৰ ঘন্টা বজাৰ লগে লগে ভুমুকি মাৰি কিবা কিবি কৰি থৈ যোৱা ভাৱৰীয়াহে। তেওঁলোকক নেদেখিলে যেন মোৰ এই প্ৰাত:কালৰ যাত্ৰা অসম্পূৰ্ণ হৈ ৰৈছিল। মানুহে এনেয়ে “ কাউৰী টেঙৰ” বুলি নকয়্ । আচলতে মুম্বাই লোকেলৰ ৱেষ্টাৰ্ণ লাইনৰ এই বিশেষ যাত্ৰী কেইজন আন কোনো নহয়, দুটি মান পাটি কাউৰী হে। আচৰিতভাৱে প্ৰতি পুৱা মহালক্ষ্মী ষ্টেচনৰ এমূৰে সিহঁত ৰৈ থাকে এই বিশেষ ট্ৰেইন খনৰ বাবে, খালী ডবাটোত লয়লাসেৰে উঠি আসনৰ তলে তলে পৰি থকা খূদকণ বুটলিবলৈ। উৎপতীয়া ডেকালৰাৰ দৰে ৰেলে গতি ধৰাৰ আগেয়ে ২ মিনিটতে কাম সামৰি একেটি লাছতে বাহিৰলৈ উৰা মাৰে। ভাৱ হয় সিহঁত প্ৰকৃতাৰ্থত চহৰীয়া ।
· ********
২
সৰুৰেপৰা বেহেলা শিকি আহিছিলো— পঞ্চমমানতে মা য়ে দেউতাক কুটুৰি কুটুৰি দিল্লীৰ পৰা সাজি অনা বেহেলাত মই প্ৰথম কিছুবছৰৰ হিন্দুস্তানী সংগীত শিক্ষা লাভ কৰিছিলো। পাছলৈ পঢ়া-শুনা, চাকৰি, সংসাৰ আদিৰ মাজে মাজে সংগীতৰ অভ্যাস পাতলীয়া হৈ আহিল। পুনৰ যোৱা তিনিবছৰমানৰ পৰা পশ্চিমীয়া শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰি আছো। মোৰ সপোন এদিন ভিভাল্দিৰ “চাৰি ঋতু” চিম্ফনীটি সুন্দৰকৈ বজোৱা। পিছে ভৰ বয়সত পশ্চিমীয়া পদ্ধতিত বেহেলা ধৰাৰ পৰা আৰম্ভ কৰি কোনো প্ৰাচীন সভ্যতাৰ বৰ্ণলিপিসসদৃশ স্বৰলিপি পঢ়িবলৈ শিকা ইত্যাদি কঠোৰ পৰিশ্ৰমৰ কাৰ্য।
প্ৰায়ে একোটাহত সুৰত ঘন্টাৰ ওপৰি ঘন্টা লাগি থাকিব লাগে।মোৰ গুৰুৱে এটাই উপদেশ দিয়ে—লাহে লাহে স্বৰসমূহ ফুটাই পঢ়িবলৈ, তাৰ পাছত তালৰ সৈতে আওৰাই চাবলৈ।অলপ সহজ হ’লে,এটা ( bar) বাৰ বা বিভাগ বিলম্বিত লয়ত বজাবলৈ, পিছৰ বিভাগৰ চিন্তা মনলৈ ননাকৈ, সেই মুহূৰ্ত্তত সম্পূৰ্ণ মনোনিবেশ কৰিবলৈ কান্ধত থকা বেহেলা খনৰ অৱস্থান, তাঁৰৰ ওপৰত সামান্য এক হেলানেৰে গতিমান ধেনু,কান্ধত আৰু বাহুৰ শিথিলতাত। ক’ৰবাত ভুল হ’লেও অকনো নোৰোৱাকৈ যেন বজাই থাকো কিন্তু ভিতৰি ভিতৰি হিচাব ৰাখিব নেপাহৰো । মাথোন এগৰাকী বেহেলাবাদক বা বিদ্যাৰ্থীতকৈ যেন এক দায়িত্বশীল নিৰিক্ষকৰ চিশ্তাধাৰাৰে প্ৰতিটো পাঠগ্ৰহণ কৰিব চেষ্টা কৰো।
বেহেলাৰ দৰেই টাই চীৰ গুৰু চিফু জৰ্জেও সকিয়াই থাকে “এখোজ এখোজকৈ”। অভ্যাসৰ সময়ত প্ৰতিটো পদক্ষেপত মনোনিবেশ কৰিবলৈ—ভুলতো যেন আগৰ ভাগটো লৈ চিন্তা নেবাগৰে—কিদৰে ভৰি দুটি এক বিশেষ দূৰত্বত বজাই, আঁঠু দুটি সামান্য ভাঁজ কৰি,কান্ধ, কঁকাল, ৰাজহাঁড় শিথিলকৈ ৰাখি এটা এটাকৈ পদক্ষেপ দিয়াত একান্ত ভাৱে মন দিবলৈ। ভুল হ’লেও নৰবলৈ, যেন নদীৰ দৰে সহজভাৱে বৈ যোৱা, বাটত বাধা থাকিলেও নিজৰ গতি স্তব্ধ হ’ব নিদিয়া
এটি স্ৰোত।
আমাৰ জীৱনো দেখোন তেনেকুৱাই।আগলৈ পাছলৈ চাই, অতীত আৰু ভৱিষ্যতৰ চিন্তাৰে মন ভাৰাক্ৰান্ত কৰি আমি জানো জীৱনৰ সুৰটি সম্পূৰ্ণ কৰিব পাৰিম? ভুল বোৰৰ আশে পাশে বন্দী হৈ পৰাতকৈ লয় নভগাকৈ
গীতটি শেষলৈকে বজোৱাটোহে অধিক গুৰুত্বপূৰ্ণ।
৩
নতুন কলেজখনত সন্মূখেদি যোৱা বাটটিৰ কাষতে আমাৰ ঘৰ। সদায় চাৰে আমাক মাত দিয়ে “আহ আইজনীহঁত।“ মই আৰু ভন্টি য়ে লৰালৰিকৈ তেওঁৰ পিছে পিছে খোজ দিওঁ। বাটতে আৰু এজন চাৰ আমাৰ লগ হয়হি। এজন কিছু চাপৰ আৰু থাওকাল, গহীন কিন্তু খৰতকীয়া , দীঘলকৈ পিন্ধা নীল দিয়া ধূতিখনৰ বাবে এক সুন্দৰ ঠেওত যেন প্ৰতিটো খোজ জুখি গৈছে: সিজন লনী, অলপ ওখ, মুখত যেন এক কৌতুকৰ হাঁহি।
শুকুলা ধূতি-পন্জাবী পিন্ধা দুয়োজন চাৰ আমাৰ স্কুলৰ নহয়, কাষৰ লৰাৰ স্কুলখনৰ শিক্ষক আছিল। আমি চাৰ বুলি সম্বোধন কৰিলে দুয়োৱে আমাক মৃদুভাৱে ধমকি দিয়ে ”চাৰ ককা বুলি মাতিবি,মা-দেউতাৰক পঢ়াইছিলো” স্কুললৈ যোৱাৰ বাটত প্ৰতিদিনে
আমাৰ ভাগ্য হৈছিল তেওঁলোক দুয়োৰে অসীমজ্ঞান আৰু শিশুসূলভ জিজ্ঞাসা প্ৰত্যক্ষ কৰিবলৈ।অনুপম কাব্য চৰ্চা, বিশ্বৰ নানান জ্ঞান বিজ্ঞানৰ সমালোচনা, বিভিন্ন প্ৰথিতযশা লেখকৰ গ্ৰন্থৰ আলোচনাৰে স্কুলৰ পাঠ আৰম্ভ হোৱাৰ আগতেই আমাৰ মনৰ দুৱাৰ মুকলি হৈ পৰিছিল।
মনত পৰি ৰয়, দূয়োজনে ছন্দত ছন্দ মিলাই পৰম আহ্লাদেৰে আবৃত্তি কৰি যোৱা মহান কবিসকলৰ কবিতাৰ পংক্তি। এজনে গাই—
“শুকুলা পাখিৰে সৌ-----নাওঁখনি ৰই
নাৱৰীয়া আছে বাট চাই।“
ইজনে যোগ দিয়ে ---
“উঠিম তেতিয়া মই ------ নাৱৰ বুকুত
নাওঁ মেলি যাব ভটিয়াই।‘
দুয়োজনে একেলগে---
“নাৱৰীয়া আছে বাট চাই”
ভন্টি আৰু মই আপ্লুত হৈ দুয়োৰে পিছে পিছে খোজ দিওঁ; গমেই নাপাওঁ কেতিয়ানো
ৰেলৰ আলি পাৰ হৈ স্কুলৰ পিছৰ বনগুটীয়া ফিল্ডখন পাওঁ হি। চাৰ দুজনৰ পৰা বিদায় লৈ আমি আমাৰ ফালে খোজ দিওঁ কিন্তু বহু দেৰিলৈকে চকুত ভাঁহি থাকে সেই ছন্দময় মধুৰ সময়খিনি।
*******
About the Author
ড: মৌচুমী বৰা
মুম্বাই