top of page
আয়েচাহঁতৰ ডুখৰীয়া ছবি

0

আয়েচাহঁতৰ ডুখৰীয়া ছবি

Bina Kakoti

বাহিৰলৈ বৰে বাৰে চাই আছোঁ৷ কামকৰা মানুহজনী অহাই নাই৷ প্ৰখৰ ৰ’দ, গৰমৰ প্ৰকোপ বৰ বেছি৷ বাহিৰলৈ চাই দেখো নয়নতৰা জোপাৰ ফুলবোৰ ৰ’দত শুকাই পৰিছে৷ বাহিৰত বেছি দেৰি থাকিব নোৱাৰি৷ দুৱাৰখন মাৰি দিলো৷ আৰু অলপৰ দেৰি গ’ল৷ আয়েচা অহাই নাই৷ তাই কেইবা ঘৰত কাম কৰে৷ তাইৰ বিৰাম নাই৷ পুৱা ছটামান বজাতে ঘৰৰ পৰা ওলাই আহে৷ পাহাৰৰ বহু ওপৰত তাইৰ ঘৰ৷ পাহাৰীয়া বাট এটা অতিক্ৰম কৰি আহি তাই দুখন গাড়ী সলাই এইখিনি পাইহি৷ পইচাও বহুত যায়৷ বৰষুণ দিলেতো কথাই নাই, পাহাৰৰ বাট পিচল হৈ পৰে৷ পিচলি তাই কেইবাদিনো পৰিছে৷ ৰাতিপুৱাতে আহি আমাৰ তলত থকা ভাৰাঘৰৰ ল’ৰাটোক ভাত ৰান্ধি দিয়ে, ৰুমটো সাৰি দিয়ে৷ সোনকালেই তাৰ কামখিনি কৰি আমাৰ ঘৰলৈ আহে৷ আমাৰ ঘৰৰ গোটেইখিনি ক’ত কি থাকে তাই জানে৷ ফ্ৰিজত কি কি আছে উলিয়াই তাই ৰুটি তৰকাৰী বনোৱাত ব্যস্ত হৈ পৰে৷ তাইৰ সময়বোৰ ঘড়ীৰ সময়ৰ দৰেই চলে৷ সদায় সময়মতে আছে৷ পৰাপক্ষত খতি নকৰে৷ আমাক দি তাইয়ো খাবলৈ বহে৷ কামৰ মাজে মাজে তাইৰ ব্যক্তিগত কথা কিছুমান কৈ যায়৷ তাই আজিও ক’বলৈ ধৰিলে– “আজি অলপ দিনৰ পৰা বৰ চিন্তা কৰি আছোঁ৷ ঘৰটো ভাঙি পৰিছে৷ বনাবলগীয়া হৈ আছে৷ বৰষুণ দিলে পানী পৰিব৷ বৰষুণ আহে আহে অৱস্থা হৈ আছে৷ বাৰিষা সোমাইছেই৷ মাহে মাহে অলপ অলপ পইচা সাঁচি সাঁচি ৰাখিছোঁ৷ সেইখিনিৰে নহ’ব আৰু ধাৰ ল’ব লাগিব৷ ডাঙৰ ছোৱালীজনীয়ে পইচা খেলত ৰাখি ৰাখি সুতে-মূলে অলপ পাই মোক দিছে৷ সুত নালাগে তাত, অলপ অলপকৈ দি থাকিলেই হ’ব৷ সৰু ছোৱালীজনীয়ে বিশেষ একো সহায় কৰিব নোৱাৰিব৷ তাই দূৰৈত থাকে৷ ’ আয়েচাই সৰু ছোৱালীজনীক পঢ়াই-শুনাই উপযুক্ত কৰি বিয়া দিছে৷ কম্পিউটাৰো শিকাইছিল৷ তাই আকৌ ক’বলৈ ধৰিলে– ‘মই ঘৰ বনাবলৈ ল’লেও কাৰো ঘৰত কাম খতি নকৰোঁ, নহাকৈ নাথাকো৷ অলপ সোনকালেই আহি কামবোৰ কৰি সোনকালে গুছি যাম৷ মই আহিব নোৱাৰা দিনা মোৰ ছোৱালীজনীক পঠিয়াম৷ আপোনালোকৰ একো অসুবিধা নহয়৷ ’ মোৰ মনটো বৰ বেয়া লাগি গ’ল৷ মই ক’লো– তুমি কাম আৰম্ভ কৰাচোন, সকলোৱে তোমাক সহায় কৰিব৷ কেইদিনমানৰ কাৰণে অলপ সোনকালে গ’লেও কোনেও বেয়া নাপাম’৷ তাইয়ো অলপ সকাহ পালে৷ কামটো আৰম্ভ কৰো কৰো বুলি দুই-এদিন গ’ল৷


এনেতে তাই খবৰ পালে তাইৰ সৰু-জীয়েকক গিৰিয়েকে বেঙ্গলুৰৰ পৰা গাঁৱৰ কোনাবা মানুহৰ লগত গাঁৱৰ ঘৰলৈ পঠাই দিছে৷ তাই গৰ্ভৱতী হৈছে৷ পাঁচমাহমান হৈছে৷ তাত ৰখা দিগদাৰ৷ অলপ দিন পিছত আয়েচাই খবৰ পালে গাঁৱৰ ঘৰত তাইৰ বৰ কষ্ট হৈছে৷ গা দুবৰ্ল, ভালকৈ খাব-বব নাপায়৷ সিহঁতে ৰাতিপুৱা আৰু গধূলিহে দুবাৰ খায়৷ মাজত খোৱাৰ নিয়ম নাই৷ তাইৰ ভোক লাগিলেও একো নাপায়৷ তেনেকৈ খেতিৰ কামটো যাব লাগে৷ ঘৰৰ কামো কৰিব লাগে৷ ডাক্তৰৰ ওচৰত দেখুৱাবলৈও নিনিয়ে৷ সাতে-পাঁচে ভাবি আয়েচাই জীয়েকক ঘৰলৈ অনাটোকে ঠিক কৰিলে৷ গতিকে আয়েচাৰ ঘৰ-ভঙা কামটো পিছুৱাই গ’ল৷ তাইক লৈ আনিলেগৈ৷ তাইক খোৱা-বোৱা, ডাক্তৰৰ ওচৰলৈ নিয়া সকলো কামৰ বোজা আয়েচাৰ ওপৰত পৰিল৷ ছোৱালীজনী বৰ দুবৰ্ল হৈ আহিছে৷ গিৰিয়েকৰ কোনো কানসাৰ নাই৷ সি বেঙ্গলুৰতে আছে৷ পাছতহে আহিব বোলে৷ পইচা-পাতিও একো সহায় কৰা নাই৷ গতিকে আয়েচাৰ বৰ অসুবিধা হ’ল৷ সাঁচতীয়া পইচা তাইৰ লগতে বহুত গৈছে৷ নিজৰ জীয়েক, তাই অৱহেলা কৰিবও নোৱাৰে৷ তাৰ মাজতে জীয়েকৰ ঘৰৰ মানুহবোৰ আহে৷ সিহঁতক খুওৱা, কাপোৰ-কানি দি সন্তুষ্ট কৰা সেইবোৰ কামো আছে৷ গিৰিয়েকৰ পৰিয়ালৰ পৰা একো সহায় নাই৷ মাজে-মাজে ছোৱালীজনীৰ গিৰিয়েকৰ লগত ফোন তৰ্ক-বিতৰ্ক হয়৷ সি নিবিৰ্কাৰ৷ এনেকৈয়ে নানান অসুবিধাৰ মাজত গুৱাহাটী মেডিকেলত তাই ছোৱালী এজনী জন্ম দিলে৷ ছোৱালী হোৱা কাৰণে গিৰিয়েকৰ লগতে গিৰিয়েকৰ পৰিয়ালৰ মানুহবোৰ বেচ অসন্তুষ্ট হ’ল৷ কেইবামাহলৈকে গিৰিয়েকে নাছিল৷ আয়েচাই ক’ৰবাৰ ক’ৰবাৰ পৰা জোৰা মাৰি কেচুঁৱাটোৰ কাপোৰ-কানি খাদ্যসমূহ যোগ কৰি দিয়ে৷ তাই কাম কৰা মানুহকেইঘৰেও বহুত সহায় কৰে৷ কেঁচুৱাটো অকণমান ডাঙৰ হোৱাৰ পিছত আয়েচাই ছোৱালীজনী কেঁচুৱাটোৰে সৈতে গাঁৱৰ গিৰিয়েকৰ ঘৰত থৈ আহিলগৈ৷ তাইক মাকে শিক্ষা-দীক্ষা দিছিল বাবে তাই গাঁৱৰে স্কুল এখনত চাকৰি এটা পোৱাত বৰ সুবিধা হ’ল৷ গাঁৱৰ বহুতো ল’ৰা-ছোৱালী তাইৰ ওচৰত টিউচন কৰিবলৈও আহিল৷ তাই ঘৰুৱা কাম-কাজতো যথেষ্টখিনি সহায় কৰিব লাগে৷ কেঁচুৱাটো স্কুললৈ যাওঁতে বহুত দূৰ খোজ কাঢ়ি লৈ যায়৷ স্কুলত সকলোৱে কেঁচুৱাটোক মৰম কৰে৷ তাইৰ অকণমান মনটো বাল লাগিবলৈ লৈছে৷ গিৰিয়েকো অহাৰ কথা৷


লাহে লাহে আয়েচাই বহুত জঞ্জালৰ মাজেদি পাহৰৰ ওপৰত থকা ঘৰটো বনোৱা প্ৰস্তুতি চলাইছে৷ মাটিডোখৰ পাহাৰৰ ওপৰত হোৱা বাবে খৰচ বেছি৷ চিমেণ্টৰ বস্তা, বালিৰ বস্তা ওপৰলৈ দাঙি নিয়া খৰচ বেলেগ৷ তাইৰ মনত ঘৰটো বনাব বুলি ফূৰ্তি৷ জমা টকা সকলো গ’ল৷ ডাঙৰ ছোৱালীজনী ওচৰতে থাকে বুলি সুবিধা হৈছে৷ তাই পাৰে মানে সহায় কৰে৷ আয়েচাই কাম বাদ দিয়া নাই৷ ৰাতিপুৱাতে আহি সকলোৰে ঘৰত ল’ৰা-লৰিকৈ কাম কৰি পিছবেলা ঘৰ বনোৱা কামত যোগালি খাটেগৈ৷ গিৰিয়েক পকামিস্ত্ৰী৷ কামবোৰ পাৰে মানে অকলে কৰি আছে৷ ওপৰত কাঠবোৰ ল’বই লাগিব৷ এতিয়া পাৰে মানে অকলে চম্ভালি আছে৷ চিমেণ্ট, বালি মৰা, যোগালি দিয়া এই কামবোৰত পিছবেলা আয়েচাই সহায় কৰে৷ তাৰ মাজতে বিধিয়ে অসুবিধা দিয়ে৷ ওপৰত কিবা এটা কাম কৰিবলৈ গৈ গিৰিয়েক এদিন ওপৰৰ পৰা পৰি গ’ল৷ হাত-ভৰি লৰাব নোৱাৰা হ’ল৷ ঘৰ বনোৱা ক’ৰবালৈ গ’ল, হস্পিতেললৈ নি দৰব-পাতি খুৱাই ইনশ্যেকচন দি ভাল কৰোঁতে আয়েচাৰ আকৌ বহুত দিন লাগিল৷ ঈশ্বৰৰ কৃপাত আকৌ লাহে লাহে কাম আৰম্ভ হ’ল৷ তলৰ পৰা চিমেণ্ট-বালি উঠোৱা এটা ডাঙৰ পবৰ্৷ অলপ দিনৰ কাৰণে হাজিৰা মানুহ এটা ল’লে৷ ৰাতিপুৱাতে সিহঁতৰ বাবে ভাতে-চাহে তাই বনাই থৈ আহে৷


আকৌ এদিন ওপৰৰ ক’ৰবাত বিজুলি তাঁৰৰ চক্‌ লাগি মানুহটো উফৰি পৰিল৷ এখন হাত বহুত দিনৰ বাবে বিফল হৈ পৰিল৷ আকৌ কাম বন্ধ৷ অলপ দিন থাকি আকৌ লাহে লাহে কাম আৰম্ভ কৰিলে৷ এইবাৰ তাই কোনো ৰকম দুটা ৰুম বৰষুণত নিতিতাকৈ তাকিবলৈ বনাই ল’লে৷ ইতিমধ্যে তাইৰ বহুত বস্তু বৰষুণত নষ্ট হৈছে৷ কিছুমান কাম বাকী থাকিল৷ লাহে লাহে কৰি থাকিব৷ তাই ঘৰটোত সোমাই সকাহ পালে৷ সৰুকৈ ঘৰলোৱা অকণো পাতিলে৷


ইতিমধ্যে তাইৰ সৰু ছোৱালীজনী আকৌ আহিল৷ গাঁৱত বানপানী৷ কেঁচুৱাটো লৈ তাত থাকিব নোৱাৰা অৱস্থা৷ খীনাই মাক-জীয়েক দুয়োৰে অৱস্থা নাই৷ একেবাৰে সুদা হাতে আহিছে৷ তাইৰ উপাৰ্জনৰ পইচাবোৰ গিৰিয়েকে লৈ লয়৷ তাইৰ হাতত নিদিয়ে৷ ইফালে আয়েচাৰ বাততো পইচা-পাতি শেষ হ’ল৷ যা হওক দুদিনমান থাকি তাই গ’লগৈ৷


আয়েচাৰ ল’ৰা এটাও আছে৷ বেলেগে থাকে, ঘৈণীয়েকৰ লগত৷ কোনো সহায় নাই তাৰ ফালৰ পৰা৷ মাজে মাজে কাজিয়া কৰিবলৈহে আহে৷ ডাঙৰ ছোৱালীজনী বৰ কামিলা৷ তাইৰ নিজৰ দুটা ল’ৰা-ছোৱালী৷ তাইৰ জাকৰ ল’ৰা-ছোৱালী তিনিটাও তাইৰ লগতে থাকি ডাঙৰ হৈছে৷ জাকজনীয়ে জুইলগা আত্মা কৰিছিল৷ তাৰ পিছৰ পৰা কণমানি কেইটাক তায়ে ডাঙৰ কৰিছে৷ শহুৰ-শাহুৱেকো আছে৷ তাই গোটেই ঘৰৰ কামবোৰ নিয়াৰিকৈ কৰি, শহুৰ-শাহু যতন লৈ, বাহিৰতো কাম কৰিবলৈ যায়৷ তাই নহ’লে ঘৰখন অকণো নচলে৷ শহুৰ-শাহুৱেকে তাইক মৰম কৰে৷ গিৰিয়েকে মাজে মাজে মদ খাই আহি হুলস্থূল কৰে৷ তাইক মাৰধৰো কৰে৷ কিন্তু ভালে থাকিলে তাইক মৰম কৰে৷ পইচা-পাতিও তাইৰ হাততে দিয়ে৷ তথাপি গিৰিয়েকে মদ খালে মাৰৰ ভয়ত তাই ঘৰৰ পৰা পলাই থাকিব লগা হয়৷ তাই নাথাকিলে ঘৰখনত হাহাকাৰ লাগে৷ সিহংতে তাইক বিচাৰি চলাথ কৰি ফুৰে তেনেকৈয়ে চলি থাকে সিহঁতৰ সংসাৰ৷ আয়েচাই তাইক বৰ শলাগে৷ পঢ়া-শুনা নকৰাকৈয়ে দহ বছৰমান বয়সতে তাইৰো বিয়া হৈছিল৷ তাই তথাপি সকলোফালে চম্ভালি আছে৷



কেতিয়াবা আয়েচাৰ গিৰিয়েকৰ ওপৰত বৰ খং উঠে৷ তাই কয়– ভাল কামৰ ভিতৰত পকামিস্ত্ৰি হৈ এই ঘৰটোৱেই সি বনালে৷ জীৱনৰ প্ৰথমভাগত তাইক বৰ কষ্ট দিলে৷ তাইৰো দহবছৰ মান বয়সতে বিয়া হৈছিল৷ স্কুলত পঢি. থকাৰ পৰা এৰুৱাই আনি মাক আৰু ককায়েকে ভাল বুলি ভাবি তাইক তালৈ বিয়া দিছিল৷ তাৰ ভাল অভ্যাস একো নাছিল৷ মদ-ভাঙৰ পৰা ধৰি সকলোবোৰ খাইছিল, তিৰ খেলিছিল৷ তাইক সদায় পেটৰ ভিতৰত এটা সোমাই সি ক’ৰবালৈ গুছি গৈছিল৷ দুবছৰ-তিনিবছৰমান সি ঘৰলৈ নহাকৈ থাকে৷ বেলেগ মাইকীৰ লগত থাকে৷ দুবছৰ-তিনিবছৰ মান সি ঘৰলৈ আহি অলপ দিন থাকি পেটৰ ভিতৰত এটা সোমাই সি আকৌ গুছি যায়৷ জীৱনৰ প্ৰথমছোৱা সময় তাৰ কাৰণে তাইৰ বৰ সংগ্ৰামত পাৰ হ’ল৷ প্ৰথম কেচুঁৱাটো পেট থাকোঁতে পেটত গোৰ মাৰি দিয়া কেঁচুৱাটো নাবাচিল৷ তাইয়ো বৰ কষ্ট পালে৷ তাইৰ কেঁচুৱা কেনেকৈ হয়, কেনেকৈ ডাঙৰ হয় সি গম নাপায়৷ কেঁচুৱা দুই-তিনিবছৰ হোৱাৰ পিছতহে সি দেখা পায়৷ কেঁচুৱা লৈ লৈ মানুহৰ ঘৰত কাম কৰি কৰি কেঁচুৱা ডাঙৰ কৰিছে৷ মানুহবিলাকৰ মৰমৰ বাবেই তাই জীয়াই আছে৷ এবাৰ পানী কেঁচুৱা এটা ঘৰত থৈ কাম কৰিবলৈ আহিছিল৷ ৰখীয়া হিচাপে আছিল সাত বছৰীয়া ছোৱালীজনী আৰু চাৰিবছৰীয়া ল’ৰাটো৷ খোৱাৰ বাবে গাখীৰ অকণমান লৈ সিহঁতক খুৱাবলৈ কৈ আহিছিল৷ কাম কৰি তাই খৰধৰকৈ ঘৰলৈ গৈ দেখে যে কেঁচুৱাটোৰ গাত প্ৰাণ নাই৷ থৈ অহা গাখীৰকণ ডাঙৰ কোনোবা এটাই খাই পেলালে৷ ভোকে-পিয়াহে কেচুঁৱাটো ঢুকাই থাকিল৷ এনেকুৱা দিন গৈছিল তাইৰ এখন শাৰী কাটি দুভাগকৈ পিন্ধিছিল৷ নোলোৱাকৈ আছিল৷ কথাবোৰ দুখ লাগিলে তাই কৈ থাকে, এনেকৈয়ে তিনিটা ল’ৰা-ছোৱালীক ডাঙৰ কৰিছে৷ গিৰিয়েক এতিয়া বু ঢ়া বয়সত আহি তাইৰ কাষ চাপিছেহি৷ বাৰটা মাহত তেৰটা বেমাৰ৷ তাই খটি খটি তত্‌ নাপায়, মেডিকেলত নি নি তত্‌ নাপায়৷ তাই ওচৰৰ চকটোৰ এখন দোকান তাৰ লৈ দিছে৷ শুকান মাছ, মচলা ইত্যাদি লৈ সি বহে৷ বিক্ৰী ঠিকেই হয়, পইচাকেইটা পালে সি তীৰ খেলিবলৈ গুছি যায়৷ মানুহৰ ঘৰত কাম কৰি তাই সি পইচা পায় তাৰে তাই ঘৰখন চলায়৷ বছেৰেকৰ মূৰত কেতিয়াবা তাইক শাৰী এখন সি দিয়ে৷ তাইৰ কি ফূৰ্তি, চবকে দেখুৱায়৷ গিৰিয়েকক আগৰ কথা উজাৰি উজাৰি মাজে মাজে খুব গালি দিয়ে৷ আজিকালি সি একো নকয়৷ শুনি থাকে৷ এবাৰ সি উধাও হোৱাৰ আগত কাৰোবাৰ পৰা ভালেখিনি পইচা ধাৰ লৈছিল৷ কাকো একো নিদিয়াকৈয়ে সি গুছি গৈছিল, পিছত মানুহখিনিয়ে তাইক হাৰাশাস্তি কৰি মাৰিছিল৷ বহুদিন তাই মানুহৰ ঘৰত দিনে-ৰাতিয়ে খাটি খাটি ধাৰ মাৰিছিল৷ আজিকালি তাই চবকে কৈ দিছে তাক যেন কোনেও ধাৰ নিদিয়ে, সেই দায়িত্ব তাই নলয়৷ এতিয়া ঘৰটো বনাওতে ইটা, বালি, চিমেণ্ট বা অন্য সামগ্ৰীৰ খৰচ তাইয়ে দিছে৷


এদিন হঠাতে আহি তাই ক’লেহি– ‘মোৰ সৰু ছোৱালীজনীক গিৰিয়েকে বৰ মাৰধৰ কৰিছে৷ শহুৰ-শাহুৱেক, নন্দেকহঁতে তাইক মাক-বাপেকৰ নামত গালি পাৰিবলৈ ধৰিছিল৷ মোক ৰেণ্ডী কৰি খোৱা বুলি কৈছিল৷ তাইৰ সহ্য নহৈ প্ৰতিবাদ কৰাৰ বাবে তাইক বৰকৈ মাৰ-পিট কৰিলে৷ কোলাৰ কেঁচুৱা উফৰি গ’ল৷ বহুত দেৰি কেছুৱাটো তাইৰ হাতত নিদিয়াকৈ থাকিল৷ কাঠৰ টুকুৰাৰেও তাইক মাৰিছিল৷ ৰাতিটো তাই ভাত-পানী নাখালে৷ পিছদিনা ছেগ বুজি তাই ঘৰত পিন্ধা কাপোৰখিনি পিন্ধিয়েই ওলাই গৈ বাছত উঠি কেইমাইল মান আঁতৰত থকা তাইৰ জেঠায়েকৰ ছোৱালীজনীৰ ঘৰ পালেগৈ৷ সিহঁতে তাইক ভালকৈয়ে ৰাখিছে৷ তাই বায়েকলৈ ফোন কৰিছে৷ ইফালে গিৰিয়েকৰ ঘৰৰ মানুহে, তাইক বিচাৰি চলাথ কৰি ফুৰিছে৷


পিছদিনা তাই আহি ক’লেহি– সি তাইক ইতিমধ্যে বিচাৰি পাইছে আৰু নিবলৈ বৰ জোৰ কৰিছে৷ সিহঁতৰ বোলে সন্মান হানি হৈছে৷ তাইৰ জেঠায়েকৰ ছোৱালীৰ গিৰিয়েকে তাক ধমকি দি ইতিমধ্যে খেদাই দিছে৷ কিন্তু কেইদিনমান থকাৰ পিছত তাই আকৌ এবাৰ গিৰিয়েকক সুযোগ এটা দিব বিচাৰিছে৷ মাকহঁতে, ভনিয়েকহঁতে যাব মানা কৰিছে৷ গিৰিয়েকেও মাজে মাজে আহি আহি ফুচুলাই আছে৷ তাই যাবলৈকে মন মেলিলে৷


দুদিনমান ভালেই চলিছিল৷ আয়েচাও তত্‌ পাইছিল৷ আকৌ আয়েচাই সিদিনা আহি ক’লেহি– সিহঁতে আকৌ অত্যাচাৰ আৰম্ভ কৰিছে৷ তাই দেউতাকক মাতি পঠিয়াইছে৷ আয়েচাৰ খং উঠিছে৷ গিৰিয়েকৰ অলপ দিনৰ পৰা গাতো ভাল নহয়৷ তাই একো উত্তৰ দিয়া নাই৷ দিনবোৰ বাগৰিল আৰু মনৰ চিন্তা মনতে ৰাখি তাইয়ো কাম কৰি আছে৷ তাই ছোৱালীজনী নিজৰ ওচৰলৈ আনি কিবা এটা সংস্থাপন কৰি দিব বিচাৰিছিল৷ তাই দৌৰি ফুৰিব নোৱাৰে৷ তাই লোৱা মাটিখিনিৰ এটা ভাগ তাইৰ নামতো আছে৷ টিউচনবোৰ তাই ইয়াতো পাব৷ গিৰিয়েকক মাত্ৰ টকা লাগে৷ এবাৰ আহোঁতে আয়েচাই নজনাকৈ ডাঙৰজনী ছোৱালীৰ পৰা ভালেখিনি টকা লৈ গৈছে পিছত দিব বুলি৷ সি বোলে ভাড়া মৰা গাড়ী এখন কিনে৷ তাৰ কিবা এটা সংস্থাপন হ’ব বুলি তাই টকাখিনি দিলে৷ এতিয়া তাক আৰু টকা লাগে৷ বিয়াত দিয়া গহনাখিনিৰ ডিজাইনটো বেয়া নতুনকৈ গঢ.াই দিব লাগে৷ কিমান যে আপত্তি৷ আয়েচাই কয়– কোনোৰকম মানুহৰ ঘৰত কাম কৰি খাই বৈ আছোঁ৷ সি কি বুলি ভাবিছে? মোৰ ইয়াত পইচাৰ গছ আছে নেকি? মই ছোৱালীজনীক তাত যাবলৈ মানাই কৰিছিলো৷



আজি ভালেদিন হ’ল তাই জীয়েকৰ খবৰ পোৱা নাই৷ দিনবোৰ এনেকৈয়ে গৈ আছে৷ আয়েচাও আজৰি পোৱা নাই৷ গিৰিয়েকো বৃদ্ধা হৈ আহিছে৷ গা ভালে নাথাকে৷ যেয়ে যেনেকৈ চল্‌ চলি থাক৷ সেইদিনা তাই আহি ক’লেহি–ছোৱালীজনীৰ শহুৰেকৰো গা ভাল নাথাকে৷ খেতি-বাতিৰ কামবোৰ আগৰ দৰে কৰিব নোৱাৰা হৈছে৷ গিৰিয়েকৰো সংস্থাপন নাই৷ তাৰ মাজতে এটা ভাল খবৰ হ’ল যে আয়েচাৰ ছোৱালীয়ে কাম কৰি থকা স্কুলখন চৰকাৰীকৰণ হৈছে৷ তাই ভাল দৰমহা পাইছে৷ টিউশ্যনৰ ল’ৰা-ছোৱালীবিলাকৰ সংখ্যাও বাঢ়িছে৷ মুঠতে এতিয়া সিহঁতৰ ঘৰখন তায়ে চলাই থাকে৷ গিৰিয়েকে টিফশ্যন কৰা ৰুম এটা বনাবলৈ দিহা কৰিছে৷ শাহুৱেকেও বুজি পাইছে এতিয়া তাইৰ উপাৰ্জনেৰেই ঘৰখন চলিব লাগিব৷ তাইক মৰমৰ কৰিবলৈ লৈছে৷ কাম-বন বিলাকৰ পৰাও আহৰি দিছে৷ আয়েচাইও এবাৰ গৈ চাই আহিলগৈ৷ তাইক ঘৰখনৰ মানুহে আদৰ-সাদৰ কৰিছে৷ তাইৰ মনৰ পৰা এচপৰা ক’লা ডাৱৰ ক্ৰমে আতঁৰি গৈছে৷


About the Author

Bina Kakoti

Retired Professor Handique College, Guwahati

bottom of page