0
আমাৰ ছাৰ, শইকীয়া ছাৰ
Manoj Kr Dutta
প্ৰাথমিক বিদ্যালয়ৰ স্তৰৰপৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ চৌহদলৈকে – দীঘলীয়া এই শিক্ষা জীৱনত বহুকেইগৰাকী বিশিষ্ট শিক্ষাগুৰুৰ সান্নিধ্য লাভ কৰিছিলোঁ যদিও কেইখনমান মুখে মোক আজিও আমনি কৰি থাকে৷ সেইসকল শ্ৰদ্ধেয় শিক্ষাগুৰুৰ ভিতৰত ডঃ নগেন শইকীয়া ছাৰ অন্যতম৷ ছাৰক প্ৰথম ক’ত লগ পাইছিলোঁ সম্ভৱতঃ মনত পেলাব নোৱাৰিম৷ মোৰ ৰিণি ৰিণি মনত পৰে – মই তেতিয়া সপ্তম শ্ৰেণীৰ ছাত্ৰ, অসম চুক্তিৰ পিছত ১৯৮৫ চনত অসমত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ স্থানীয় বিহুতলী প্ৰেক্ষাগৃহত অসম গণ পৰিষদ দলৰ এখন বিৰাট ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল৷ সেই সভালৈ অগপ দলৰ ডিব্ৰুগড় সাংসদীয় সমষ্টিৰ [লোকসভাৰ] প্ৰাৰ্থী ৰূপে ছাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিল৷ ডাঙৰ ডাঙৰ নেতা চোৱাৰ হেঁপাহত ময়ো সেই সভালৈ গৈছিলোঁ৷ সভা শেষ হোৱাৰ পিছত ছাৰকপৰা অট’গ্ৰাফ লৈছিলোঁ৷ সেয়াই আছিল ছাৰৰ স’তে মোৰ প্ৰথম চিনাকি৷ সেই প্ৰথম চিনাকিৰ সুদীৰ্ঘ দিনৰ পিছত ছাৰক লগ পালোঁ বিভাগীয় মুৰব্বী শিক্ষক হিচাপে ১৯৯৬ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত৷
ডঃ নগেন শইকীয়া ছাৰ – শিক্ষক, অধ্যাপক, সাংবাদিক, কাকতৰ সম্পাদক, ৰাজ্যসভাৰ সাংসদ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা আসনৰ প্ৰাধ্যাপক, বিশ্ববিদ্যালয় অনুদান আয়োগৰ ডি.এচ.এ. প্ৰগ্ৰেমৰ সমন্বয়ৰক্ষক, গৱেষক, ওঠৰগৰাকী ডক্টৰেট ডিগ্ৰীৰ ছাত্ৰৰ গৱেষণা কৰ্মৰ তত্বাৱধায়ক, অসম সাহিত্য সভাৰ সহকাৰী সম্পাদক, ভাষা জ্ঞান পৰীক্ষা আৰু প্ৰচাৰ উপ-সমিতিৰ সম্পাদক, কোষাধ্যক্ষ, প্ৰধান সম্পাদক, সভাৰ বিভিন্ন প্ৰকাশন সমিতিৰ সদস্য, অসম প্ৰকাশন পৰিষদৰ সদস্য, সাধাৰণ পৰিষদৰ সদস্য, প্ৰকাশ সম্পাদনা সমিতিৰ সদস্য, বিশ্বকোষ সমিতিৰ সদস্য, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ টাই ভাষা পাঠ্যক্ৰমৰ পৰামৰ্শদাতা সমিতিৰ সদস্য, ৰাজ্যিক পাঠ্যপুথি প্ৰস্তুতকৰণ সমিতিৰ সদস্য, শঙ্কৰদেৱ কলাক্ষেত্ৰৰ সাধাৰণ পৰিষদৰ সদস্য ইত্যাদিৰ লগতে অসম সাহিত্য সভাৰ দুবাৰকৈ সভাপতি পদ অলংকৃত কৰা এইগৰাকী বহুমুখী কৰ্মৰ সাধক শইকীয়া ছাৰ কেতিয়াও মাথোঁ এজন ব্যক্তি হ’ব নোৱাৰে৷ ছাৰ আমাৰ বাবে এক অনুষ্ঠানৰ দৰে৷ ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কোৱাৰ দৰে, ‘শইকীয়া ছাৰ মোৰ দৃষ্টিত এক বিশাল সৃজনীশীল উদ্যোগ’৷
শিক্ষক হিচাপে ছাৰক বিশ্ববিদ্যালয়ত লগ পাইছিলোঁ যদিও বিশ্ববিদ্যালয় এৰি অহাৰ পিছতহে ছাৰৰ বেছি সান্নিধ্য লাভ কৰিছোঁ৷ স্নাতকোত্তৰ দীক্ষান্ত বৰ্ষত ছাৰে আমাক অসমীয়া কাব্য সাহিত্যৰ ইতিহাস পঢ়াইছিল৷ মোৰ আজিও ভালকৈ মনত আছে অসমীয়া বিভাগৰ পশ্চিম ফালে থকা দীক্ষান্ত বৰ্ষৰ সেই কোঠাটোত ‘এ’ গ্ৰুপৰ [সাহিত্য] আমিবোৰে ছাৰৰ ক্লাছ কৰিছিলোঁ৷ কেতিয়াবা পুৱা ভাগত, কেতিয়াবা দুপৰীয়া অথবা কেতিয়াবা আকৌ বিয়লি ৰ’দজাকৰ কোমল উম লৈ আমি অসমীয়া কাব্য-সাহিত্যৰ জ্ঞান বুটলিছিলোঁ৷ পৌৰাণিক, ৰোমাণ্টিক আৰু আধুনিক অসমীয়া কবিতাৰ ইতিহাস বুজাবলৈ গৈ ছাৰে আমাক অন্য এখন জগতলৈ লৈ গৈছিল৷ বিশেষকৈ চন্দ্ৰকুমাৰ আগৰৱালা আৰু দেৱকান্ত বৰুৱাৰ কাব্য দৰ্শনৰ বিষয়ে ক’বলৈ গৈ কেৱল ছাৰেই নহয়, আমিবোৰো আপোনপাহৰা হৈ পৰিছিলোঁ৷ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ছাৰে আমাক বুজাই গৈছিল চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতাত পূৱ আৰু পশ্চিমৰ সমন্বয়ৰ কথা, জীৱনবোধৰ গভীৰতা, চিত্ৰকল্প , ৰহস্যবোধ অথবা দেৱকান্ত বৰুৱাৰ কবিতাত আধুনিকতাবাদ, প্ৰেম আদিৰ কথা৷ ছাৰৰ বক্তৃতা শুনি থাকিলে সময়বোৰ কেনেকৈ পাৰ হৈ গৈছিল, আমিবোৰে গমেই পোৱা নাছিলো৷ ছাৰৰ মৃদু অথচ গুৰু-গম্ভীৰ কণ্ঠস্বৰে কিদৰে ছাত্ৰ -ছাত্ৰীক পাঠদান দিছিল তাক আমাৰ দৰে ছাত্ৰৰ পক্ষে বুজাই কোৱা কেতিয়াও সম্ভৱ নহয়৷
১৯৯৭ চন৷ ছাৰ অসম সাহিত্য সভাৰ বিলাসীপাৰা অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে৷ ছাৰক আমি বিশ্ববিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰ ‘জ্যোতি বাটচ’ৰা’ৰপৰা আদৰি আনিছিলোঁ৷ বিভাগত সম্বৰ্ধনা সভাৰ আয়োজন কৰিছিলোঁ৷ মিলননগৰ ছাত্ৰী নিৱাসত থকা আমাৰ বিভাগৰ ছাত্ৰীসকলে বৰগীত পৰিৱেশন কৰিছিল৷ ছাৰে আমাৰ সম্বৰ্ধনা গ্ৰহণ কৰি কৈছিল যে আমাৰ সমাজ জীৱনৰ প্ৰয়োজন অনুসৰি বিভিন্ন সাংস্কৃতিক আঁচনি ৰূপায়ণ কৰা আৰু সভাৰ বিদ্যায়তনিক ভেটিটো শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে চিৰদিন সাহিত্য সভাৰ হৈ কাম কৰি যাব৷ কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ সমাজৰে কিছু লোকে ছাৰৰ ওপৰত মিছাকৈয়ে এক বিত্তীয় কেলেংকাৰিৰ অভিযোগ আনি উদ্দেশ্যপ্ৰণোদিতভাৱে ছাৰক অপমান কৰিলে৷ ছাৰে ক’বৰ দৰে – ‘প্ৰকৃততে সেইসকলে মোক মানুহটোক অপমান কৰা নাই, সাহিত্য সভাৰ সভাপতিৰ আসনখনকহে অপমান কৰিলে৷’
ছাত্ৰাৱস্থাত ছাৰৰ ঘৰলৈ মই বিভিন্ন সময়ত গৈছিলোঁ৷ ছাৰৰ ঘৰত বহুকেইগৰাকীক স্বনামধন্য ব্যক্তিক লগ পাইছিলোঁ৷ ছাৰে চিনাকি কৰি দিয়ে – ‘আমাৰ বিভাগৰ ছাত্ৰ মনোজ৷’ জ্যেষ্ঠ-কনিষ্ঠ, গুৰু-শিষ্য সকলোকে যথাযোগ্য মৰ্যাদা দিয়াটো ছাৰৰ ব্যক্তিত্বৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য৷
আজিও ছাৰৰ ঘৰলৈ যাওঁ৷ ছাৰক আমনি দিবলৈ বেয়া লাগে৷ অসমৰ ভাষা- সাহিত্য-সংস্কৃতি তথা সমাজ জীৱনত ছাৰ ইমানেই সংপৃক্ত হৈ আছে যে শাৰীৰিক অসুস্থতাকো নেওচি বহু কাম কৰিয়েই আছে৷ বহু মানুহ আহে ছাৰক লগ পাবলৈ, কাকোৱেই ছাৰে বিমুখ নকৰে৷ এক কথাত ডঃ মহেশ্বৰ নেওগৰ পিছত নিঃসন্দেহে তেখেতৰ উত্তৰসূৰী ডঃ শইকীয়া ছাৰে অসমীয়া ভাষা-সাহিত্য তথা জাতিটোলৈ মূল্যৱান বৰঙণি আগবঢ়াইছে৷ ২০০৮ চনৰ কোনোবা এটা দিনৰ কথা – শ্ৰীশ্ৰীআউনীআটীয় সত্ৰাধিকাৰ প্ৰভূৰ জন্ম উৎসৱ টীয়ক কলীয়াপানীত উদ্যাপন কৰিছিল৷ আগদিনা ফোনত শইকীয়া ছাৰৰ সৈতে কথা পাতিছিলোঁ৷ ছাৰে টীয়কলৈ আমাৰ লগতেই যাম বুলি ক’লে৷ টীয়কলৈ অহা-যোৱাৰ গোটেই পথছোৱা ছাৰৰ লগত বিভিন্ন বিষয়ৰ কথা পাতিছিলোঁ৷ আমনি পাইছে বুলি মই মনে মনে থাকিলে ছাৰে নিজেই কথা উলিয়ায়৷ কিমান যে কথা পাতিছিলোঁ – সাহিত্য, ৰাজনীতি, সমাজ, সংস্কৃতিৰপৰা আৰম্ভ কৰি ব্যক্তিগত জীৱনৰ কথালৈকে৷ ঘূৰি আহোঁতে বাটত খোৱাঙত ছাৰৰ সৈতে মাছ কিনিবলৈ গৈ যি অভিজ্ঞতা অৰ্জন কৰিছিলোঁ তাৰ বিৱৰণ দিবলৈ হ’লে এটা নাতিদীৰ্ঘ প্ৰৱন্ধই হ’ব৷
শইকীয়া ছাৰৰ বিষয়ে কৈ শেষ কৰিব নোৱাৰি৷ ছাৰ আমাৰ দৰে বহুজনৰ বাবে প্ৰেৰণাৰ থলী৷ এজন ছাত্ৰ হিচাপে ছাৰক কি দিব পাৰিছোঁ নাজানো, শিক্ষক হিচাপে ছাৰৰপৰা বহুখিনি পাইছোঁ৷ সেই সমূহকেই জীৱনৰ পাথেয় কৰি লৈছোঁ৷ মই জানো ছাৰ দেৱতা নহয়, মাটিৰ পৃথিৱীৰে গঢ়া এগৰাকী বিৰল মানুহ৷ ছাৰৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰি শ্ৰীগোৱিন্দ মহাপ্ৰভূৰ চৰণত প্ৰাৰ্থনা জনালোঁ৷
মনোজ কুমাৰ দত্ত ঃ বৰডুবি চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ স্নাতকোত্তৰ শিক্ষক মনোজ কুমাৰ দত্তই ছাত্ৰাৱস্থাৰে পৰা দুলীয়াজান অঞ্চলৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতভাৱে জড়িত৷ দুলীয়াজান সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক দত্তই বিভিন্ন কাকত-আলোচনী, স্মৃতিগ্ৰন্থত নিয়মীয়াকৈ সাহিত্য-চৰ্চা কৰি অহাৰ লগতে গুৰুত্বপূৰ্ণ স্মৃতিগ্ৰন্থ, আলোচনী, গ্ৰন্থ আদি সম্পাদনা কৰি উলিয়াইছে৷ সেইসমূহৰ ভিতৰত অইল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলৰ মুখপত্ৰ ‘মঞ্জৰী’, দুলীয়াজান কলেজৰ বাৰ্ষিক মুখপত্ৰ ‘দুলীয়াজান কলেজ আলোচনী’, দুলীয়াজান আঞ্চলিক মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ উদ্যাপন সমিতিৰ স্মৃতিগ্ৰন্থ ‘শ্ৰীমন্ত শঙ্কৰ’, অসম নাট্য সম্মিলনৰ ‘মঞ্চমৈত্ৰী নাট সমাৰোহ’ৰ স্মৃতিগ্ৰন্থ, দুলীয়াজান সাহিত্য সভাৰ সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ ‘উব¹জা’, অসম সত্ৰ মহাসভাৰ সেতুবন্ধন অনুষ্ঠানৰ স্মৃতিগ্ৰন্থ ‘সত্ৰায়ন’, দুলীয়াজান নামঘৰৰ সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ ‘স্বৰ্ণাভ’, দুলীয়াজান কলেজৰ সোণালী জয়ন্তী সমাৰোহৰ স্মৃতিগ্ৰন্থ ‘সোণালী সঁফুৰা’, সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ স্মৃতিগ্ৰন্থ ‘অৰণি মন্থন’ ইত্যাদি উল্লেখযোগ্য৷ দত্তই সম্পাদনা কৰা কেইখনমান প্ৰবন্ধ সংকলন হৈছে ‘নামসিংহ’ [২০১০], ‘বিষয় ঃ আধ্যাত্মিকতা’ [২০১৪], ‘দেৱালোক’ [২০১৭], ‘সম্প্ৰীতিৰ ৰূপকাৰ’ [২০১৮] ইত্যাদি৷ বৰ্তমান তেওঁ দুলীয়াজানৰ স্থায়ী বাসিন্দা৷ ভ্ৰাম্যভাষ - ৯৪৩৫০০৫০৩২৷
About the Author
Manoj Kr Dutta