top of page
~ দহন ~

0

~ দহন ~

Abhijit Medhi

" চাল্লা হাৰামী বুঢ়া..."

গালিটো শেষ নহওঁতেই কঁকালত আহি পৰা গোৰটোৰ প্ৰচণ্ডতাত সি চিটিকি পৰিল। বাওঁফালৰ টেবুলখনত থাপ মাৰি ধৰি বচাৰ শেষ চেষ্টা এটা কৰিছিল। কিন্তু হাতখনে শূন্যত খেপিয়াই থাকোঁতেই সি মজিয়াত ধাৰামকৈ পৰি গ'ল। মূৰটোৱে দুৱাৰখনত ভাল জোৰে খুন্দা এটা খালে যদিও বাঁহৰ দুৱাৰ বুলি বিশেষ দুখ নাপালে। কঁকালতো ঠিক অসহ্য বেদনা পোৱা বুলিব নোৱাৰি। নাই নাই, কঁকালত সিমান আঘাত পোৱা নাছিল, যিমান আঘাত আব্দুলে সিদিনা বুকুৰ কোনোবাখিনিত পাইছিল। দহিছিল বুকুখন। শৰীৰৰ অনিয়ন্ত্ৰণত কোৱাৰিৰে বৈ অহা লেলৱটিকণ হাতেৰে মচি লৈ বেৰত খোপনি বিচাৰি বিচাৰি আব্দুল কোনোমতে থিয় হ'ল আৰু দুৱাৰৰ পিনে মুখ কৰিলে। তাৰ কানি-কাপোৰ, আঁচ-বাববোৰ কোনোবাই ঘৃণাৰ প্রলেপত বান্ধি দলি মাৰি দিছিল। তাৰে কোনোবাটোই উৰি আহি তাৰ পিঠি মূৰো চুইছিল। সেইবোৰলৈ কাণসাৰ নিদি আব্দুলে দুৱাৰখন অকণমানকৈ খুলি তলমূৰে ওলাই আহি কা‍ঁথিত দিলেহি। বাহিৰত তেতিয়া কিঞ্চিতহে পোহৰ। দুৰণিত প্ৰবোধিনী জোনটোৱে আঁহত পাতৰ চাদৰ এখন মেৰিয়াই লোৱাত কাঁথিৰ ঠিক সমুখখিনি এন্ধাৰে গিলি থৈছে। চুবুৰীটোৰ ঘৰবোৰত বিজুলীৰ সংযোগ তেতিয়াও এক সপোন।

কা‍ঁথিৰ পৰা নামি লেকেচকেচ খোজেৰে আব্দুল পদূলিত আহি থিয় হ'লহি। কেঁচা ভেটিৰ ঘৰটোলৈ সি এবাৰ ওভতি চালে। বেৰৰ ফুটাৰে মাটিৰ চাকিৰ ক্ষীণ পোহৰৰ লগতে ব্যাভিচাৰ গালিৰ টুকুৰাও ভাঁহি আহি আছিল ঘৰটোৰ পৰা। নাই নাই, সি আৰু ৰ'ব নোৱাৰে! আঁহত পাতৰ চাদৰৰ তলত জোনটোক তেতিয়া এচকল মেঘে গবা মাৰি ধৰিছিল। সমুখৰ বাটটো, নাতিদূৰত ৰহমতহঁতৰ পুখুৰীটো...সকলো গিলি অজগৰৰ দৰে পৰি ৰৈছিল অন্ধকাৰ। মুখেৰে একো এটা শব্দ নকৰাকৈয়ে, বুকু আৰু কঁকালত বিষৰ টোপোলা বান্ধি লেকেচকেচ খোজেৰে সেই অন্ধকাৰত মিলি গৈছিল আব্দুল!

তিনি বছৰ আগৰ কথা এইবোৰ। অপত্যৰ হাততেই তাৰ সংসাৰ উছন হোৱাৰ দিনাখন প্ৰতিবাদৰ এটা শব্দও মুখত ফুটাব নোৱাৰা আব্দুলে এন্ধাৰ বাটেৰে আহি আহি এদিন চহৰৰ এই গলিটোত উঠিল। থাকিবলৈ ঘৰ নাছিল, শুবলৈ নাছিল বিছনা। কেতিয়াবা এ টি এমৰ চিৰি, কেতিয়াবা ফুটপাথৰ ভাঁজকে শেতেলী কৰি সি দিনবোৰ পাৰ কৰিলে। মজদুৰিৰ কাম দুই এটা বিচাৰিছিল যদিও শ্ৰমৰ স্পৰ্শত তাৰ ষাঠি বছৰীয়া টেটেৰা দেহাটোৱে হাঁহাকাৰ বিদ্ৰোহ কৰি উঠে। অৱশেষত খুজি মাগি খোৱাৰ বাদে আব্দুলৰ হাতত পেটৰ জুইকুৰা নুমুৱাৰ অন্য উপায় নাথাকিল। হওক তথাপিও, লাগিলে ফুটপাথতে সি এদিন মৰিব, তথাপিও সেই ঘৰলৈ আৰু উভটি নাযায়!

দিন যোৱাৰ লগে লগে অনাহাৰত আব্দুলৰ শোটাকানি হেন ছালখন কামিহাড়ত লাগিল। শৰীৰ ঢাকিবলৈ ফটা-চিতা, দুৰ্গন্ধময় কাপোৰৰ লগত সি অভ্যস্ত হৈ পৰিল। লাহে লাহে শিথিল হৈ আহিছেসংসাৰৰ বান্ধোনবোৰ। তিনি বছৰ আগতে প্ৰতিবাদৰ এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰা আব্দুলে আজিকালি অনবৰতে বিৰবিৰাই থাকে। মাজে মাজে চিঞৰি চিঞৰি গুৱালগালি বকি মাজ বাটেৰে মাজেৰে কাকো কেৰেপ নকৰি খোজকাঢ়ি গৈ থাকে। ডাষ্টবিন খুচৰি ফুৰাৰ মাজতো তৰ্জনী জোকাৰি জোকাৰি আল্লাৰ লগত বাকযুদ্ধ কৰি যায় সি।

**

"হৈ হৈ....মৰিল মৰিল.....!!"

গাড়ী আৰু মগনীয়াজনক এগাল পথিকে বেৰি ধৰি আস্-ইস্ কৰিবলৈ ধৰিলে। ক'লা এছ ইউ ভি-খন ঠাইতে ব্ৰেক মাৰি ৰখাই নিদিয়াহেঁতেন বয়সীয়াল মগনীয়াজন সঁচাকৈয়ে চাগে সিপুৰী পালেহেঁতেন! ষ্টিয়েৰিঙত বহি থকা অনিৰ্বাণ বৰুৱাই গাড়ীৰ দুৱাৰ খুলি পৰিস্থিতিৰ বুজ ল'বলৈ বুলি নামি আহিল। কঁকাল-উৰুত গাড়ীৰ খুন্দা খাই মগনীয়া আব্দুল মাজ-বাটতে ছিতভোলোঙা দিছে। আড়ষ্ট হৈ সি পৰি ৰৈছে তাৰ শৰীৰ।

"মৰা নাই, মৰা নাই....এক্টিং কৰিছে...!"

আব্দুলৰ ঘৰ্মাক্ত মলিয়ন শৰীৰৰ দুৰ্গন্ধক বাধা দি নাকে-মুখে হাত দি থকা পথিক এজনে আটাহ পাৰি উঠিল!

"হয় হয়....মৰা নাই, মৰা নাই...!"

আৰু দুজন মানে হয়ভৰ দিলে। অনিৰ্বাণ বৰুৱাই মগনীয়াটোৰ একেবাৰে ওচৰলৈ আহি মন কৰিলে। লৰচৰ নাই! কঁকালৰ লগতে মূৰতো অকণ আঘাত পাইছে হয়তো, কপালত দুটোপাল তেজ বিৰিঙি উঠিছে! তাতকৈ বেছি বিৰিঙিবলৈ সেই শৰীৰটোৰ ধমনীত পৰ্যাপ্ত তেজ নথকা যেনেই ভাৱ হ'ল। কোনোবা এজনে ভৰি এখন আগুৱাই চামৰাৰ জোতাৰ আগটোৰে আব্দুলৰ পিঠিত লাহেকৈ হেঁচুকি দিলে! আড়ষ্ট শৰীৰটোত এটা জোকাৰণিয়ে ঢৌ খেলি গ'ল।

"হয়, হয়...মৰা নাই!"

-- মানুহৰ দলটোত গুণগুণনি উঠিল!

"এক্টিং কৰিছে বেটাই, এক গোৰ দিলে জাঁপ মাৰি উঠিব এতিয়াই..."

-- উতনুৱা দুজনমানে বেপৰোৱা ভাৱত ক'লে!

পৈতৃক ব্যৱসায়ৰ লগত জড়িত হোৱাৰ আগেয়ে দুবছৰ ডাক্তৰী পঢ়া অনিৰ্বাণ বৰুৱাই অৱশ্যে কথাটো ঠিকেই বুজিলে। মানুহজন প্ৰায় মূছকঁছ যোৱাৰ লেখিয়াহে হৈছে। তেওঁ গাড়ীলৈ আহি ড্ৰাইভাৰ ছিটত ৰখা পানীৰ বটলটো বিচাৰিলে। বটলটো প্ৰায় খালী। সমুখৰ পেছেঞ্জাৰ ছিটত স্কুল ইউনিফৰ্মত বহি থকা তেওঁৰ এঘাৰ বছৰীয়া ছোৱালী মিনিয়ে উৎকৰ্ণ হৈ ৱিণ্ডশ্বিল্ডেৰে গাড়ীৰ বাহিৰৰ মানুহৰ জুমটোলৈ ভয় ভয়কৈ চাই বহি আছে।

"কি হৈছে পাপা? মানুহজন মৰি গ'ল নেকি?"

"একো হোৱা নাই মিনি, ভয় খাব নালাগে। সাধাৰণভাৱে খুন্দা লাগিছে। চাওঁ, তোমাৰ পানীৰ বটলটো দিয়াচোন।"

-- আৰু একো নুসুধি মিনিয়ে হাতত লৈ থকা স্কুলৰ পানীৰ ফ্লাস্কটো আগবঢ়াই দিলে।

এচলু পানী মুখত ছটিয়াই দিয়াত আব্দুলে লাহে লাহে জ্ঞান ঘূৰি আহিল। সি থিয় দিবলৈ চেষ্টা কৰাত মগনীয়াটোৰ পৰা লেতেৰা লগাৰ ভয়ত মানুহৰ জুমটোৱে অকণ আঁতৰি দিলে! গাড়ীৰ ব'নেটত ভেজা দি থিয় হৈ আব্দুলে ক'লা গাড়ীখনলৈ ক্ষোভ নয়নে চাই ৰ'ল এপলক।

: বাপেৰক গোৰ মাৰি খেদিবলৈ ক'ত সাহস পালি হা? বহুত ডাঙৰ হ'লি তই হা! তিৰীৰ কথা শুনি বাপেৰক মাৰিবি হা? মাৰ মাৰ বাপেৰক, আৰু মাৰ...আৰু মাৰ...!"

-- পাগলৰ দৰে গাড়ীৰ ব'নেটত চপৰিয়াই হুকহুকাই কান্দি দিলে আব্দুলে!

"বুঢ়াটো পাগল, বুঢ়াটো পাগল....!"

"ঘৰৰ পৰা খেদা খাই চাগে এনেকৈ আছে বুঢ়াই....!"

-- জুমটোৰ মাজত আকৌ গুণগুননি উঠিল!

কঁকালখন মোহাৰি মোহাৰি লেহেম খোজেৰে আব্দুল ফুটপাথত উঠিল আৰু তাৰপৰা কিছুদূৰ আগুৱাই গৈ ফেৰেঙনীয়া বাট এটাত লুকাই পৰিল।

**

কঁকালত খাই অহা গাড়ীৰ খুন্দাটোৱে যেন আব্দুলৰ অন্তৰমনৰ বৃক্ষ এডালহে জোকাৰি গ'ল! সেই জোকাৰত সৰ্-সৰকৈ বৃক্ষৰ পাতত লাগি থকা সোঁৱৰণৰ নিয়ৰ কণাবোৰ সৰি পৰিল। গলিটোৰ একেবাৰে শেষত থকা জাৱৰৰ দ'মটো খোদালি থাকোঁতে তাৰ হাতত লাগি গৈ থাকিল সোঁৱৰণৰ কণাবোৰ। জাৱৰৰ দ'মটোৰ পৰা সি পুৰণি লেতেৰা গামোচা এখন টানি উলিয়ালে। গাটো তিয়াবলৈ কামত আহিব! এৰা! সিদিনাও সি এখন গামোচাকে কান্ধত লৈ ওলাই আহিছিল। কথাবোৰ এতিয়াও সৌ সিদিনাৰ নিচিনা লাগে। হেজাৰ মাটি ঢালিলেও কথাবোৰ অন্তঃসলিলা হৈ মগজুৰ কোনোবাখিনিত এতিয়াও ঘূৰি আছে। সিদিনা জ্বৰীয়া গাটো শেতেলীৰ পৰা কোনোমতে টানি আজুৰি সি গা-ধোৱা ঘৰত সোমাবলৈ লৈছিল। কাম-বন কৰিব নোৱাৰা অকলশৰীয়া বুঢ়া এটাক পোহপাল দি থাকি অশান্ত হোৱা বোৱাৰীয়েকে আগৰাতি বাৰুকৈয়ে এবকলা শুনাইছিল। আব্দুলৰ পুৰুষ সত্বাত শনাল যাঠিৰ দৰে বিন্ধিছিল হতশ্ৰী নাৰীৰ কটু বাক্যই। মনঃস্তাপত ভাত মুঠি পেটলৈ নাযাওঁ বুলি হাহাকাৰ কৰি উঠিছিল।

-- এৰা...দেহাটো ভাল হ'লে কিবা এটা কামৰ যোগাৰ কৰিব লাগিব!

চিন্তাত বিভোৰ হৈ সি বাঁহৰ ওখ খুটা চাৰিটাত পুৰণি প্লাষ্টিক ওলোমাই বনোৱা গা-ধোৱা ঘৰটোত সোমাই গৈছিল। মনেই কৰা নাছিল যে তাত ইতিমধ্যে বোৱাৰীয়েকে গা ধুবলৈ সোমাইছে। প্ৰায় উলংগ অৱস্থাত বোৱাৰীয়েকক হঠাতে দেখি আল্লাক সুঁৱৰি খপজপকৈ দৌৰ মাৰি ওলাই আহিছিল আব্দুল। সিদিনা দিনটো বোৱাৰীয়েকে আব্দুলক একো এটা কটু শব্দ নোকোৱাকৈয়ে কামবোৰ কৰি গ'ল। ঘৰখনক হঠাতে নিমাওমাও পৰিৱেশ এটাই ছানি ধৰিছিল। নৈঃশব্দৰ অন্ত হৈছিল যেতিয়া দুখে ভাগৰে দিন হাজিৰা কৰা পুতেকটো আহি ঘৰ সোমাইছিল। বোৱাৰীয়ে উচুপি উচুপি গাই যোৱা কথাবোৰৰ দুই এটা উফৰি আব্দুলৰ কাণতো পৰিছিল। উফ্...বিশ্বাস হোৱা নাছিল।

-- হে আল্লা...তই জান, এইবোৰ সব মিছা...অকথ্য-অপবাদ...তই জান, তই জান!

মনত একো অন্যায় অভিপ্ৰায় লৈ গা-ধোৱা ঘৰত সোমোৱা নাছিল আব্দুলে। চকা-মকাকৈ শুভ্ৰ বক্ষ যুগল দেখোঁতে তাৰ পুৰুষ মনত পাপ জাগিছিল নেকি? এক ছেকেণ্ডৰ বাবে হ'লেও বোৱাৰীৰ গোৰোহাৰ পৰা বৈ পৰা চুলিলৈকে চোৱা নাছিল নে?

-- নাই, নাই। সেই ভুল জানি কৰা ভুল নাছিল! আল্লা, তই জান...সব জান তই....!

আল্লাই হয়তো সকলো জানিছিল। জানিও নিৰ্বিকাৰ হৈ ৰৈছিল। খঙত মাতাল পুতেকে গোৰ সোধাই দিয়াৰ সময়ত দূৰণিৰ পৰা আজানৰ মাত ভাঁহি আহিছিল। আব্দুলৰ অন্তৰেও আল্লাক মাতিছিল। সেই মাতত ঈশ্বৰ-আল্লা কোনো আগবাঢ়ি নাহিল। নাই, কোনোৱেই আগবাঢ়ি অহা নাছিল। এন্ধাৰৰ সুৰুঙাৰে আব্দুলে ঘৰ এৰি আহোঁতেও কোনো আগবাঢ়ি অহা নাছিল।

-- ল, নালাগে তোৰ বস্তু!

জাৱৰৰ দ'মটোত পোৱা মলিয়ন গামোচাখন লাড়ু কৰি আব্দুলে প্ৰচণ্ড ক্ষোভত দলি মাৰি দিলে। দ'মটো পাৰ হৈ লাড়ুটো পাছফালে থকা পিতনিৰ পানীত আকাৰ হেৰুৱাই বিয়পি গৈছিল। যেন থাপি থুপি ৰাখিব খোজা আব্দুলৰ আড়ম্বৰহীন জীৱনটো! সময়ৰ আঁচোৰত আকাৰ হেৰুওৱা তাৰ জীৱনটো!

জাৱৰৰ দ'মটোৰ সংগ ত্যাগ কৰি আব্দুলে গলিটোত ঘুৰ্মুটিয়াই ফুৰিলে। বেলিটো শুবলৈ লোৱাৰ সুযোগত হেঙুলীয়া বাটেৰে অহা এন্ধাৰে লাহে লাহে চৌপাশে পোখা মেলি দিছিল। সেই পোখাবোৰৰ লগত শেষ যুজঁ দিওঁ বুলি ষ্ট্ৰীট লাইটবোৰ উজলি উঠিছিল। এসময়ত ক্লান্ত হৈ আব্দুলে সেই যুঁজ চাই ৰাস্তাৰ কিনাৰৰ আমগছ এজোপাৰ তলত গা-মূৰ খজুৱাই বহি থাকিল।

***

: পাপা, পাপা...

: কি হ'ল মিনি? কেলেই চিঞৰিছা?

মিনিৰ মাতত অনিৰ্বাণৰ ডায়েৰীৰ পাতত কৰি থকা হিচাপবোৰত খেলি লাগি গ'ল। কিন্তু মিনিৰ মাতত লেখ মাত্ৰও আমনি পোৱাৰ চিন দেখা নগ'ল অনিৰ্বাণৰ চকু মুখত। কিবা যাদু আছে মিনিৰ 'পাপা' বুলি মতা মাতষাৰত!

-- ডাঙৰেই হৈ আহিল এইজনী!

অনিৰ্বাণৰ পিনে লৰ মাৰি অহা মিনিলৈ চাই অনিৰ্বাণৰ বুকুখনত কথাটোৱে খোচ এটা মাৰি গ'ল! বগী, মৰমলগা ছোৱালীজনীৰ ধুনীয়া মুখখন এতিয়াও কোনোবাখিনিত শিশুসুলভ হৈয়ে আছে, কিন্তু দেহাটো লহপহকৈ বাঢ়ি আহিছে তাইৰ। শৈশৱত কৈশোৰৰ মিশ্ৰণ হৈ গঢ় লোৱা দেহ তাইৰ। এই মাক নোহোৱা ছোৱালীজনীক যোৱা সাতোটা বছৰে বুকুত বান্ধি ডাঙৰ কৰিছে অনিৰ্বাণে। দ্বিতীয় বিবাহৰ বাবে মাক-বাপেকে অনিৰ্বাণক আজিকালি আৰু সিমান জোৰ নকৰা হ'ল! এটা সময়ত বহুত বুজাইছিল। কিন্তু পত্নী বিয়োগৰ শোকত অনিৰ্বাণ যিমান বিহ্বল হৈছিল তাতোকৈ বহু বেছি বিহ্বল হৈ পৰিছিল মিনিৰ মুখলৈ চায়। পত্নীৰ শেষঃকৃত্য সপন্ন কৰি ঘৰ সোমোৱাৰ পাছত যেতিয়া চাৰি বছৰীয়া ছোৱালীজনীয়ে "মাম্মা কেতিয়া আহিব?" বুলি সুধিছিল অনিৰ্বাণে মিনিক বুকুত সাৱটি ধৰি বহুপৰ কান্দিছিল। সেই বুকুত সাৱটি লোৱাৰে পৰা মিনিক এৰি দিব পৰা নাই অনিৰ্বাণে।

: মোক কিয় এনেকৈ চাই আছা পাপা?

মিনিয়ে হেঁচুকি দিয়াতহে বাস্তৱলৈ ঘূৰি আহিল অনিৰ্বাণ। হাঁহি এটাৰে ভাৱনাবোৰ জাৰি-জোকাৰি সি মিনিক টানি আনি কোলাত বহুৱাই ল'লে।

: আগতে তুমি কোৱাচোন, মোৰ ডাৰ্লিঙজনীয়ে হোমৱৰ্ক নকৰি কেলেই ঘূৰি আছে?"

: কৰিম ৰ'বা! তোমাৰ বেলেগ কথা নায়েই আৰু! সাতটা বজা নাই নহয়! সাত বাজিলে পঢ়া টেবুলত বহিম।

: কিয়? ছয় বজাত বহিলে কিবা জগৰ লাগিব নেকি?

: ধেই পাপা...তুমি বেছি বেছি কৰা কিবা!

মিনি গোমোঠাজনী হৈ বহি থাকিল। অনিৰ্বাণে তাইক ভাকুটকুট দি সুধিলে,

: আচ্ছা, কোৱাচোন কি ক'বলৈ আহিছিলা!

: শুনা, আজি যে দিনত তুমি গাড়ীৰে খুন্দিয়াইছিলা ককাটোক...সেইজন আমাৰ সমুখৰ আমজোপাৰ তলত বহি অকলে অকলে কিবা কথা পাতি আছে জানা...

: সেই বুঢ়াটো?

: পাই নে তেনেকৈ ক'বলৈ? পাপ লাগিব! ককাৰ বয়সৰ মানুহটোক তেনেকৈ কয় নেকি কিবা!

মিনিৰ ধমক খাই অনিৰ্বাণে তিনিবাৰ ছ'ৰী ক'লে। আব্দুলে আম জোপাৰ তলত বহি এন্ধাৰ-পোহৰৰ খেল চাই থাকোতে চ'ৰাঘৰৰ খিৰিকীৰে মিনিয়ে আব্দুলৰ ৰেহৰূপ চাই আছিল। ককাকৰ সম-বয়সীয়া মানুহজনৰ শুকাই হাড়ে-ছালে লগা চেহেৰাটো দেখি তাইৰ বেয়া লাগিছিল।

: শুনানা পাপা। ককাজনে চাগে একোকে খাবলৈ নাপায়। ফ্ৰীজত দিনৰ ৰৈ যোৱাখিনি আছে, দি আহিম নেকি মই?

এৰা...মিনিয়ে চাগে মাকৰেই অন্তৰখন পাইছে। কোমল, দয়া-মমতাৰ উষ্মাৰে ভৰপূৰ এখনি অন্তৰ। বয়সীয়াল মানুহটোক খুন্দিয়াই অনিৰ্বাণৰো মনটো বেয়া লাগি আছিল অৱশ্যে। ভাগ্যে কিবা এটা পয়মাল নঘটিল। মানুহজন থিতাতে নাইকিয়া হৈ নোযোৱাহেঁতেন দুটামান টকা-পইচাকে দিম বুলি ভাবিছিল অনিৰ্বাণে।

: নালাগে এই সন্ধিয়াখন ওলাই যাব। ময়ে দি আহোঁগৈ ৰ'বা। যোৱাচোন, আন্টীক ক'বা খানাখিনি কিবা এটাত বান্ধি দিবলৈ।

মিনিয়ে পাপাকৰ আদেশ শিৰত লৈ পাকঘৰত বন কৰা মানুহজনীৰ ওচৰলৈ দৌৰ মাৰি গ'ল।

**

: অ' খুড়া, খুড়া....

অন্য সময়ত হোৱাহেঁতেন অনিৰ্বাণে "ঐ বুঢ়া" বুলি আব্দুলক সম্বোধন কৰিলেহেঁতেন চাগে! কিন্তু অকণ আগতে মিনিৰ ধমক খাই অহাত "অ' খুড়া" বুলি মাতিছে। আব্দুল তেতিয়াও আমজোপাৰ তলত জুপুকা মাৰি আছিল। সি একো ন'কৈ অনিৰ্বাণৰ পাহুৱাল ছাঁটোলৈ চাই ৰ'ল।

: এইখিনি লোৱা, খোৱা বস্তু আছে।

পলিথিনটো কাষতে মাটিত ৰাখি অনিৰ্বাণে আব্দুলক ভালকৈ লক্ষ্য কৰিলে। হাড়কেইডালক ছালখনে কোনোমতে মেৰিয়াই ৰাখিছে। গাৰ পৰা ভেকেটা গোন্ধ এটা আহিছে, ডাষ্টবিন-জাৱৰৰ গোন্ধ সেইয়া। অনাহৰত পিষ্ট স্বাস্থ্য আব্দুলৰ, বয়সতকৈ বয়সীয়াল যেন লাগে। পলিথিনটো থাপ মাৰি নি মোকোৰা-মোকোৰ খাবলৈ ধৰা নৰ কংকালটোলৈ চাই অনিৰ্বাণৰ মনত পুতৌ জন্মিল।

: কি নাম তোমাৰ?

--- কি নাম তাৰ? কি নাম? উফ্...নামটোকে পাহৰিছে!

কেইটামান ছেকেণ্ড অলৰ হৈ ভাবি সি উত্তৰ দিলে,

: বাবু, মোৰ নাম.....মোৰ নাম....আব্দুল!

নামটো বিচাৰি পোৱাৰ সুখতেই নে বহু দিনৰ মূৰত পেট ভৰাই খাবলৈ পোৱাৰ প্ৰশান্তিতেই ঠিক ধৰিব নোৱাৰি, কিন্তু আব্দুলৰ কোৱাৰিত ফুটি উঠা সেইটো হাঁহি যেনেই লাগিল অনিৰ্বাণৰ।

***

আমজোপাৰ তলত আব্দুল-অনিৰ্বাণৰ চমু সাক্ষাৎ মাজে সময়ে হৈ থাকিল। মিনিয়ে আজিকালি জানি বুজিয়েই দিনৰ আহাৰৰ এভাগ ফ্ৰীজত থৈ দিয়ে। বাপেকৰ পৰা তাই আব্দুলৰ নামটোও জানি লৈছিল।

-- ককাজন অহা নাই দেখোন বহুদিন! ক'ত বা গ'ল!

দীঘলীয়াকৈ আমজোপাৰ তলত সন্ধিয়া আব্দুলক নেদেখিলে বাপেকক সোধে তাই। অনিৰ্বাণে খোৱা বস্তু দিবলৈ গ'লে তাই চ'ৰাঘৰৰ খিৰিকীৰে ভুমুকিয়াই চাই থাকে। ক্ষীণ পোহৰত চাবলৈ যত্ন কৰে কঙাল চেহেৰাৰ কিবা উন্নতি হৈছে নেকি! মিনিৰ বাবেই অন্য কাম থাকিলেও অনিৰ্বাণে আমজোপাৰ তললৈ সন্ধিয়া এপাক ওলাই আহিবলৈ হেলা নকৰে। মিনিয়ে পিগি বেংকত নতুনকৈ এটকা দুটকাকৈ জমা কৰা দেখি অনিৰ্বাণে হাঁহি হাঁহি সোধে 'ইমান পইচা কি কৰিবা?' বুলি।

: কৰিম আৰু কিবা এটা, তোমাক কেলেই ক'ম!

অনিৰ্বাণে জানে মিনিয়ে কি কৰিব। কোনোবা দিনা আব্দুলক দি দিব তাই সেইখিনি।

ইপিনে আব্দুল প্ৰতিবাৰেই কৃতজ্ঞ হৈ পৰে অনিৰ্বাণৰ ওচৰত। অন্তৰৰ পৰা আশীৰ্বাদ দিয়ে সি অনিৰ্বাণক।

: ফৰিষ্টা মানুহ বাবু তই। ঘৰ সংসাৰ পাতিছ নে বাবু?

অনিৰ্বাণে হা বা না একো উত্তৰ নিদি মনে মনে থাকে। দি লাভো নাই। জানে, পাছদিনা আব্দুলে সকলো পাহৰি আকৌ একেকেইটা প্ৰশ্নকে সুধিব।

অৱশ্যে বাকী কথা পাহৰিলেও আব্দুলে অনিৰ্বাণক ঠিকেই মনত ৰাখিছে। ফৰিষ্টা বাবু অনিৰ্বাণ। অনিৰ্বাণৰ দয়াত অজানিতে সি আত্মীয়তাৰ উষ্মা বিচাৰি ল'ব খোজে। অনিৰ্বাণ পুতেকৰ একে বয়সৰেই হ'ব নে? ভাবে সি! পুতেকটোৱও যদি এনেকৈ কেতিয়াবা তাৰ ভোকৰ খবৰ ল'লেহেঁতেন! উজাই অহা ক্ষোভ এটা ক্ৰমাৎ ঘৃণাৰ শিখৰত উঠে। সেই শিখৰত ৰৈ থাকে আব্দুলৰ বোৱাৰীয়েক। গোৰ সোধাবলৈ উদ্যত পুতেকৰ চেহেৰাটো লাহে লাহে ধূসৰ হৈ যায়। উজলি উঠে পাছফালে থিয় দি থকা বোৱাৰীয়েকৰ চেহেৰাটো। তাইৰ চকু-মুখৰ কৰ্কশ চাৱনিটো! সেই হতশ্ৰীজনীক পলুৱাই আনোতেই পুতেকক কোৱা নাছিলে জানো সি, 'কি চপাই আনিলি' বুলি!

-- বগা ছালৰ মোহ!

বগা ছালৰ মোহত ভোল গৈ তিৰোতাসেৰুৱা হ'ল পুতেকটো! ঘৃণা ওপজে আব্দুলৰ! ঘৃণা ওপজে সেই শুভ্ৰ ছালৰ ওপৰত!

***

গৰমৰ বন্ধত মিনিক লৈ অনিৰ্বাণ মাহদিনৰ বাবে গাঁৱৰ ঘৰলৈ গ'ল। বছৰৰ এইখিনি সময় মিনিৰ লগত গাঁৱত কটোৱাটো অলিখিত নিয়মৰ দৰেই মানি আহিছে অনিৰ্বাণে। এই মাহদিনত আমজোপাৰ তলত আব্দুল অনেকবাৰ বহিল। আঁঠুৰ বিষ তুলি অনেকবাৰ সি উঠি গুচি গ'ল। কিন্তু সি তাৰ ফৰিষ্টা বাবুৰ মুখ নেদেখিলে। শেষলৈ আব্দুলে আমজোপাৰ ঠাইখিনি পালেও নোৰোৱা হ'ল। চিধাই গৈ থাকে সি গলিটোৰ শেষত নিৰ্জন জাৱৰৰ দ'মটোৰ পিনে। নিৰ্জনতাত আপোন জগতত ব্যস্ত হৈ পৰে সি। গছৰ নোদোকা ডাল এটাৰে খুচৰি যায় দ'মটো।

-- বাবু আৰু নাহে!

আব্দুলৰ অন্তৰত কোলাহল লাগে। ভোকৰ ভাত মুঠিতকৈয়ো অন্তৰে বিচাৰি ল'ব খোজা উষ্মা হেৰাই গ'ল বুলি সংশয় জাগে। বুকুখন দহে তাৰ। দাঁত মুখ কৰচি কোনোবাই তাক গোৰ সোধাবলৈ খেদি অহা দেখে।

-- বাবু তই?

ভ্ৰান্ত তাৰ মনে পুতেকৰ ঠাইত অনিৰ্বাণক দেখে। চকুত জলন্ত লাভা লৈ এইয়া অনিৰ্বাণে তালৈ ভৰি দাঙিছে। আব্দুল অলৰ হৈ ৰৈ যায়। সি অনিৰ্বাণৰ পাছফালে ৰৈ থকা নাৰী মূৰ্ত্তিলৈ চাই ৰয়। আব্দুললৈ চাই উখৰা হাঁহি মাৰে সেই নাৰীয়ে।

দহি যায়! সেই হাঁহিৰ বিদ্ৰুপত আব্দুল দহি দহি নিঃশেষ হৈ যায়! দহনৰ জ্বালাত গছৰ ডালটোৰে সি জাৱৰৰ দ'মটো খুচি চিৰাচিৰ কৰি পেলায়।

**

: ককা, অ' ককা...

গাঁৱৰ ঘৰৰ পৰা উভটি আহিয়েই অনিৰ্বানে খুব জৰুৰী কাম এটাৰ বাবদ সিদিনা সন্ধিয়া ওলাই গৈছিল। অনিৰ্বাণৰ অনুপস্থিতিত আব্দুলক দেখি সিদিনা আমজোপাৰ তললৈ মিনি নিজেই ওলাই আহিছিল দুহাতত বস্তু লৈ। আগৰ দুবাৰৰ দৰে সিদিনাও আব্দুল ৰোৱা নাছিল। তাইৰ মাতষাৰে ঢুকি পোৱাৰ আগতেই ঠাইখিনি পাৰ হৈ জাৱৰৰ দ'মটোৰ পিনে খৰ গতিত খোজ লৈছিল সি। পিছে পিছে খোজ লৈ মিনিও গৈ ওলাইছিল আব্দুলৰ নিৰ্জন দ্বীপত।

: ককা, অ' ককা...

জাৱৰৰ দ'মটো খুচৰি থকা মানুহটোৱে তাইলৈ অৱশেষত ঘূৰি চালে। জোনৰ ফটফটীয়া পোহৰত তাৰ চকু দুটা জিলিকিছিল।

মিনিলৈ চাই আব্দুল থৰ লাগিল। সি দেখিছিল এক নাৰী মূৰ্ত্তি। চাৰি হাত দূৰৈত সৌৱা জোনৰ পোহৰৰ দৰেই ফটফটীয়া, শুভ্ৰ ছালৰ নাৰী। এখোজ দুখোজকৈ সি আগুৱাই আহিল। কিবা এটা আচহুৱা লাগিছিল মিনিৰ। আব্দুললৈ চাই পাতল হাঁহি এটাৰে সহজ হ'বলৈ চেষ্টা কৰিছিল তাই।

বিভ্ৰান্ত আব্দুলে মিনিৰ কোমল হাঁহিটো দেখা নাছিল। দেখিছিল তাৰ বাবে কলংকৰ সৌধ সজোৱা নাৰীৰ উখৰা হাঁহি!

সি মিনিৰ তেনেই কাষত আহি থিয় হৈছিলহি। গছৰ ডালটোত হাতৰ মুঠি বজ্ৰ কঠিন হৈ পৰিছিল। মিনিয়ে হয়তো কিবা এটা ক'বলৈ লৈছিল। কিন্তু তাৰ আগতেই আব্দুলৰ হাতৰ গছৰ ডালটোৱে প্ৰচণ্ড গতিত আহি তাইৰ মূৰত আঘাত কৰিলে। আব্দুলৰ মুখত চেৰেককৈ ছিটিকি আহি পৰিছিল কেঁচা গৰম তেজৰ টোপালবোৰ।

আসঃ...তাৰ বুকুৰ অবিৰাম জুইকুৰা তেজাল ঘোঁৰা হৈ ধমনীৰ বাট বুলিছিল!

মিনি ঠাইতে ঢলি পৰিল। ছিটিকি পৰি ৰৈছিল দুহাতৰ টোপোলা। বিভীষিকাত আকাশৰ জোনটোৱে এটুকুৰা ডাৱৰেৰে মুখ ঢাকি লৈছিল। ভয়তে নিঃশ্চুপ হৈ গৈছিল জিলীৰ মাত। কিন্তু শান্ত হোৱা নাছিল আব্দুল! তাৰ অস্তিত্বক কৰা উপহাসৰ পোতক নিষ্প্ৰাণ শৰীৰটোৰ ওপৰত লৈছিল, গছৰ ডালটোৰে খুচি খুচি ফালি চিৰাচিৰ কৰি পেলাইছিল শৰীৰটোৰ শুভ্ৰ ছাল।

এটা সময়ত যেতিয়া তাৰ জুইকুৰা শান্ত হৈছিল, সি ফুৰ্তিত হাঁহিছিল। হাঁহি হাঁহি দৌৰিছিল ৰাজপথৰ পিনে।

জাৱৰৰ দ'মটোৰ কাষত মিনিৰ জঠৰ দেহাটো তেনেকৈয়ে পৰি ৰ'ল কেইবাটাও ঘণ্টা। মিনিক বিচাৰি হায়ৰাণ হোৱা অনিৰ্বাণে দুপৰ নিশা যেতিয়া তাৰ মৰহা কলিজাটো বিচাৰি পালে তেতিয়া তাৰ নাতিদূৰত পৰি আছিল মিনিৰ পিগিবেংকটো।

সেইটোত তাই হেঁপাহেৰে ফলক এখনো লগাইছিল। জোনৰ পোহৰত দৃশ্যমান হৈ ৰোৱা বগা ফলকখনত লিখা আছিল এটা নাম- "আব্দুল" !

★★★

About the Author

Abhijit Medhi

bottom of page