top of page
~ সপোন এনেকৈয়ে... ~

0

~ সপোন এনেকৈয়ে... ~

Abhijit Medhi

প্ৰিয়া আৰু মোৰ ভালপোৱা কলেজীয়া দিনৰে। আঠ-ন বছৰ আগৰ কথা এইবোৰ। কলেজ ফ্ৰেচাৰ্ছত তাই গান গাইছিল, মই গীটাৰ বজাইছিলোঁ। কেৰাহীকৈ তাই মোলৈ চাইছিল। সেই চাৱনিত বুকুতে গোলাপ ফুলিছিল। "প্যাৰ মাংগা হ্যাই তুমহি ছে"...প্ৰিয়াই গোৱা গানটো মোৰ বুকুতো বাজি উঠিছিল। তাৰ পাছৰ বছৰকেইটাত 'প্যাৰ', 'প্যাৰ' কৰি থাকোতে পঢ়া-শুনা গেলিল। তথাপিও ভাল লগা বিধৰ আছিল সেই সময়! ৰিক্সা-অটোৰ পইচা নাথাকিলে আমি জোতাত উঠি উঠিয়েই গুৱাহাটীৰ ফুটপাথত ডেটিং মাৰি ফুৰিছিলোঁ। পাঁচ টকাত পাঁচটা পানী-পুৰি কিনি এটা তাই খাইছিল এটা মই, একেবাৰে শেষৰটো ৫০-৫০ হৈছিল। ইজনে সিজনক এৰি এপলক থাকিব নোৱাৰিছিলোঁ। উফ্, সেই দিনবোৰ!

সেই দিনবোৰত 'পুৰণি স্মৃতি'ৰ লেবেল লগাৰ লগে লগে সময় আহিল ঘৰত বিয়া-বাৰুৰ কথা পতাৰ। কিন্তু প্ৰিয়াৰ মাক-বাপেকৰ ওচৰত বিয়াৰ প্ৰস্তাৱ লৈ যাওনো কেনেকৈ? চাকৰি-বাকৰি নোহোৱা মানুহ। উপাৰ্জন বুলিবলৈ অ'ত-ত'ত, বিহুৱে-পূজাই অলপ গীটাৰখন বজাই গান দুই এটা গাও, গধূলি দুটামান স্কুলীয়া ল'ৰা-ছোৱালীক গান শিকাও। সেইখিনি পইচা পুৰণি জীন্স আৰু পুৰণি জোতাত টাপলি মাৰোঁতেই আধা শেষ হয়। টাপলি মৰা জীন্স-জোতাৰে শৰীৰহে ঢাকিব পাৰি, সম্পৰ্কৰ সেতু গঢ়িব নোৱাৰি। সেয়ে তাইৰ মাক-বাপেকৰ লগত চিনাকি হ'বলৈও ভয়।

অৱশেষত প্ৰিয়াই বুদ্ধি এটা কৰিলে। তাইৰ বাপেকৰ হেনো নতুনকৈ গান গোৱাৰ পুৰণি চখটোৱে উক দিছে। চুবুৰীৰ লক্ষ্মী পূজাৰ ফাংচনত গান এটাও গাব হেনো এইবাৰ। গান গাবলৈ দিয়াৰ চৰ্ত্ততে চান্দাও বেছিকৈ দিছে। এইকেইদিন প্ৰিয়াহঁতৰ ঘৰত দিনে-ৰাতি গানৰ ৰেৱাজ চলিছে। চাঞ্চতে প্ৰিয়াই বাপেকক ক'লে যে তাইৰ লগৰ গীটাৰ বজোৱা ল'ৰা এটাক, মানে মোক, মতাই আনিব, গীটাৰৰ লগত প্ৰেক্টিচ কৰিলেহে আচল প্ৰেক্টিচ! তাতেই সংগীতৰ জ্ঞান থকা ল'ৰা, ইটো-সিটো দৰকাৰী উপদেশো দিব পাৰিব। প্ৰিয়াৰ বাপেকক ইমপ্ৰেছ কৰাৰ এইয়া আছিল এক সুৱৰ্ণ সুযোগ!

মনটো কিবা এটা ভাল লাগি আছিল। ফূৰ্ত্তিতে গধূলি প্ৰিয়া আৰু মোৰ পুৰণি দিন সুঁৱৰি সুঁৱৰি ৰামলাল বিহাৰীৰ তাত পেট ভৰাই পানী-পুৰি খাই দিলোঁ। পাছদিনা পুৱাতে গা-পা ধুই, ভাল হেন পোচাক এযোৰ পিন্ধি সাজু হৈছোঁ। প্ৰিয়াৰ বাপেকক ইমপ্ৰেছ কৰিমেই কৰিম। ভৰলু বাছ ষ্টপেজত গণেশগুৰিলৈ বুলি চিটিবাছত উঠি গীটাৰখন সাৱটি খিড়িকী কিনাৰৰ ছিটটোত বহি গানৰ কলি এটা গুণগুনাই আছিলোঁ। তেনেতে পেটৰ ভিতৰত বিদেশী বহিস্কাৰ আন্দোলন আৰম্ভ হোৱা যেন লাগিল।

"ৰামলালৰ তাত পানী-পুৰি খাবয়ে নালাগিছিল!"

খিড়িকীৰে মাছখোৱা-ফাঁচীবজাৰৰ ৰেহ-ৰকম চাই চাই ভাবি আছিলোঁ। কালি পানী-পুৰি খোৱাৰ পাছৰ পৰায়ে পেটটো অলপ অলপ কামোৰা যেন লাগি আছিল, সেই কামোৰটোৱেই বাছত বহালৈকে পূৰ্ণৰূপত কচৰ-কামোৰ লগাইছেহি।

হেন সময়তে কাষৰ ছিটত আহি বহিল নহয় এজন। আগন্তুকে হয়তো দুদিনমান গা-পা ধোৱা নাই, চুলিত তেল কিন্তু তেল পুৰা সানিছে। অইল ইণ্ডিয়াই দেখাহেঁতেন এওঁৰ মূৰতে ৰিফাইনেৰী এটা খুলি দিলেহেঁতেন! তেখেতৰ গাৰ দুৰ্গন্ধ আৰু তেলৰ সুগন্ধই (?) মিলি মোৰ নাকৰ ৰন্ধ্ৰত যি ঘঁহনি চলাইছে তাৰ পৰা জুইৰ উৎপত্তি হ'বলৈহে বাকী! হাঁহে ভেদাইলতা খাই পৰা কণী ঘোলা হ'লেহে কিজানি এনেকুৱা সাংঘাতিক গোন্ধ সম্ভৱ! পেটটো পাক মাৰি ধৰা যেন লাগিল। ইপিনে মোৰ সহযাত্ৰীয়ে ছিটত বহিয়েই মোবাইলত মচগুল। মোবাইলত সিংহম চিনেমাখন চলাইছে, তাকো স্পীকাৰত। পেটৰ বিদ্ৰোহক কোনোমতেহে দমন কৰি বহি আছিলোঁ, কিন্তু মোবাইলৰ ঘেন-ঘেন, পেন-পেন শব্দই পৰিস্থিতি প্ৰতিকূল কৰি আনিলে। চিনেমাত হয়তো সাংঘাতিক মাৰ-পিট চলিছে, নেপথ্যত মন্ত্ৰোচ্চাৰণৰ দৰে সংগীত জোৰদাৰ হৈ আহিছে।

"দুষ্ট দুৰাচাৰী কো বিনাশে সিংহম...সিংহম-সিংহম..."

সংগীতৰ লগে লগে পেটৰ গুলু গুলু বিদ্ৰোহো জোৰদাৰ হৈ উঠিছে।

"সিংহম-সিংহম, সিংহম-সিংহম, সিংহম-সিংহম...."

(গায়কৰ মুখেৰে লেলাৱটি বৈ আহিছে হ'বলা!)

হ'ল বুলি নোৱাৰি আৰু, এনেকুৱা অত্যাচাৰ সহ্য কৰি থাকিবলৈ মইতো কোনো যোগপুৰুষ নহয়! পেট কামুৰি থাকিলে সিংহম চিনেমাখন নাচাব, আপোনালোককো এই ছেগতে কৈ থ'লোঁ। অৱশেষত মোৰ ধৈৰ্য্যৰ বান্ধ ছিগিল, মানুহজনলৈ ঘোপাকৈ চাই চিঞৰি উঠিলোঁ,

: হেৰি, বন্ধ কৰক বুলি কৈছোঁ, এতিয়াই বন্ধ কৰক এইডাল। নহ'লে খিৰিকীৰে মোবাইল দলিয়াই দিম এতিয়াই!

মোৰ আর্তনাদত সহযাত্ৰীজন শিল পৰা কপৌটোৰ দৰে থৰ লাগিল। কাষৰ মানুহবোৰেও চুপ হৈ কোনে কিয় কিহক লৈ চিঞৰিলে উম-ঘাম লোৱাৰ চেষ্টা কৰিছে। কিছু পৰৰ নীৰৱতা। শান্তি। মোৰ চিন্তাৰ পৰিধিত পেটৰ কামোৰ আৰু ৰামলাল ঘূৰি ফুৰিছে। সঁচাকৈয়ে ৰামলাল এক বিষাক্ত প্ৰাণী। নাগিন, বিষকন্যা ইত্যাদিৰ নিচিনা চিৰিয়েল পুৰুষ চৰিত্ৰক কেন্দ্ৰ কৰি বনালে ৰামলালকে হিৰো ল'ব লাগিব কিজানি! কি কি যে চিন্তাবোৰ আহি থাকে মূৰডালত!

: দাদা, আপুনি লাহেকৈ ক'লেও হ'লহৈ, মই মোবাইলটো বন্ধ কৰি দিলোঁহেঁতেন।

সেমেনা-সেমেনি ভাৱ এটা লৈ মানুহজনে মোক কথাষাৰ কোৱাতহে বেবেৰিবাং চিন্তাৰ লানি ছিগিল। তেওঁৰ চেহেৰালৈ ভালকৈ মন কৰিলোঁ। মানুহ নুবুলি ল'ৰাও বুলিব পাৰি। হয়তো খুব বেছি ত্ৰিশ বছৰ হৈছে, গাৰ গোন্ধৰ হিচাপতহে ইজিপ্তৰ মামীৰ বয়সৰ যেন লাগে। অযথা চিঞৰ-বাখৰ লগোৱা বাবে কিছু লজ্জিত হ'লোঁ।

: নহয় মানে মোৰ গাটো অলপ বেয়া লাগি আছে সেয়ে....ছৰী, ছৰী....আপুনি প্লীজ বেয়া নাপাব!

মোৰ ছৰীটোৰ প্ৰত্যুত্তৰত মানুহজনে হালধীয়া দাঁত দুপাৰি দেখুৱাই "একো নাই" বুলি হাঁহিলে। তেওঁ ইটো-সিটো কথাও পাতিছিলে তাৰ পাছত। নিজৰ নামটোও জনাইছিল, এতিয়া পাহৰিলোঁ। তেওঁক সেই মুহূৰ্তত মই মনতে দি লোৱা "বাচমতী" নামটোৰেহে মনত ৰাখিছোঁ। যিহে গাৰ গোন্ধ, বাচমতী নুবুলি পাৰিনে!

: আচ্ছা...আপোনাক হেল্প এটা খুজিব পাৰিম নেকি ?

বাচমতীয়ে সহজভাৱেই সুধিছিল। মানুহে হেল্প খুজিলে ভয়েই লাগে। দুদিন আগত ভীক্ষাৰী এজনে হেল্প হিচাপে পাঁচটকা এটা খুজিছিল, মই দিলোঁ এটকা। "এটকাত কাৰ মূৰটো পায়?" বুলি সি পইচাটো মুখতে মাৰি থৈ গ'ল। কপালত অশোক স্তম্ভৰ নিচিনা দাগ এটা বহি গৈছিল। তথাপিও ভয়ে ভয়ে প্ৰশ্নটোৰ সঁহাৰি জনালোঁ।

: কওকচোন কি হেল্প লাগে!

: আপোনাৰ মোবাইলত ইণ্টাৰনেট আছে নেকি বাৰু?

বাচমতীয়ে হালধীয়া দাঁতৰ ফাঁকৰ পৰা যোৱাৰাতিৰ সেউজীয়া শাক-পাচলি উদ্ধাৰ কৰি কৰিয়েই সুধিলে। তাকে দেখি শাম কটা যেন লগা পেটৰ কামোৰটোৱেও লগে লগে "হেল্ল', হাও আৰ্ ইউ?" কৈ থৈ গ'ল।

: হয়, ইণ্টাৰনেট আছে।

: আচ্ছা আপুনি মোক এই ঠিকনাটো মোবাইলৰ ভূগোলত চাই বুজাই দিব পাৰিব নেকি?

বুজিলোঁ, গুগুল মেপৰ কথা কৈছে। বাচমতীয়ে চাৰ্টৰ জেপৰ পৰা কাগজৰ টুকুৰা এটা উলিয়ালে। তাত ঠিকনা এটা লিখা আছিল- অজিত কলিতা, ঘৰ নং- ১৫, কলীয়া নামঘৰৰ ওচৰত, শেৱালি পথ। উৱা...এইটো দেখোন প্ৰিয়াৰ বাপেকৰ নাম আৰু ঠিকনা।

: হাৰে....আচৰিত কথা! ময়ো একেখন ঘৰলৈকে গৈ আছোঁ। আপুনি পিছে কি সকামত তালৈ গৈ আছে?

বাচমতীৰ মুখত প্ৰশস্তিৰ হাঁহি বিৰিঙিল।

: ভালেই হ'ল দিয়ক, বাট হেৰুৱাৰ লেঠা নাই আৰু! মোক মানে কলিতা ছাৰে ফোন কৰি মাতি পঠিয়ালে। ছাৰে হেনো ষ্টে'জত গান গাব লক্ষ্মী পূজাত। ছাৰৰ গানটোৰ মাজত অলপ তাল বজাব লাগে হেনো, সেয়ে মাতিলে। মই মানে আগতে গাঁৱৰ নামত খুব ভাল তাল বজাইছিলোঁ বুজিছে। এইয়া চাওক, এইযোৰ লগত লৈ আহিছোঁ।

বাচমতীয়ে মোনা এখনত অনা তালযোৰ দেখুৱালে। মইহে কথাবোৰ বুজি নাপালোঁ। লক্ষ্মী পূজাত তাল বজাব লগীয়া কিনো গান গাব খুজিছে প্ৰিয়াৰ বাপেকে? বিহুৱেই হওক অথবা পূজা, আমি হিন্দী গানহে গাঁও, নাম নধৰো নহয়!

: হেৰি, তাল আৰু গীটাৰ একেলগে বজাব লগীয়া কি গান এইটো? তেখেতে আপোনাক কৈছে নেকি কি গান গাব?

: কৈছে কৈছে, গানটো মোৰ মোবাইলতে আছে ৰ'ব।

এইবুলি বাচমতীয়ে খপজপকৈ মোবাইলটো উলিয়াই ফুল ভলিউমত বজাই দিলে। মোৰ পেটৰ নাড়ীৰ পৰা ভুঁঁৰিলৈকে কঁপাই পূৰ্ণ স্বৰত গানটো বাজি উঠিল।

"সিংহম-সিংহম, সিংহম-সিংহম, সিংহম-সিংহম..."।

****

উপসংহাৰ:

হয়তো মই তেতিয়াই বাছৰ পৰা নামি ওলোটা দিশত দৌৰিব লাগিছিল। কিন্তু দুঃসাহস বুলিও বস্তু এবিধ আছে নহয়। দুঃসাহসৰ পৰিণামতেই হওক, অথবা বাচমতীৰ গাৰ দুৰ্গন্ধতেই হওক, নতুবা লাগিলে 'সিংহম-সিংহম' গানৰ জোৰতেই হওক; সিদিনা প্ৰিয়াহঁতৰ ঘৰত মুঠতে মই চৈধ্যবাৰ যাবলগীয়া হ'ল। মোৰ পুৰিও পানী পানী হৈ গৈছিল। শেষৰবাৰত টয়লেটৰ ভিতৰতেই মূছকঁছ গ'লোঁ, দৰ্জা ভাঙিহে মোক উদ্ধাৰ কৰা হ'ল। সিদিনা প্ৰিয়াৰ বাপেকক মই ইমানেই ইমপ্ৰেছ কৰিলোঁ যে আজি দুমাহ পাছত গোপাল ঠিকাদাৰৰ লগত তাইৰ বিয়া। হোমৰ জুইত ভেজাল ঘিঁউৰ আহুতি দি তাইক আপোন কৰি লোৱাৰ সপোনটো সপোন হৈয়ে ৰ'ল।

বিয়াৰ নিমন্ত্ৰণী পত্ৰ এখন মোলৈকেও আহিছে। টেবুলৰ ওপৰত পৰি থকা সেইখনলৈ চাই চাই বুকুখন জ্বলা-পোৰা কৰিছে। কিনো কৰিম, জ্বলন শাঁত পেলাবলৈকে এতিয়া বিখ্যাত নলবৰীয়া কবিতা এটাকে গুণগুনাই আছোঁ- "গোল্লা বিলাম তোমাৰ বিয়াত..."!

★★★★★★★

About the Author

Abhijit Medhi

bottom of page